ETV Bharat / state

জালনোট প্ৰস্তুত কৰি আৰক্ষীৰ জালত প্ৰৱঞ্চক - police caught frauds

জালনোট প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰিল তিনিটাকৈ প্ৰৱঞ্চক ৷ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে আটক কৰিলে তিনি প্ৰৱঞ্চকক ৷

three_fraud_arrested_at_tarabari_
জালনোট প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক
author img

By

Published : May 21, 2021, 6:14 PM IST

বৰপেটা,২১ মে: বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ প্ৰৱঞ্চক । খংৰাত স্থানীয় লোকৰ সহযোগত তাৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তিনি প্ৰৱঞ্চকক । ধৃত প্ৰৱঞ্চক তিনিটা ক্ৰমে বকো আৰক্ষী থানাৰ অন্তৰ্গত পানীখাইতিৰ ওছমান গণি(27), নলবাৰীৰ ভাংনামাৰীৰ নীলচান আলী(19) আৰু বকো আৰক্ষী থানাৰ অন্তৰ্গত বৰদিয়া নৈপাৰাৰ কদম আলী(26) বুলি জানিব পৰা গৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, ধৃত তিনি প্ৰৱঞ্চকে এগৰাকী লোকক দুই লাখ টকাৰ জাল নোট এক লাখ টকাত বিক্ৰীৰ উদ্দেশ্যৰে আহিছিল খংৰালৈ । প্ৰৱঞ্চক কেইটাই ৫০০ টকীয়া আকাৰৰ ৰং লগোৱা কাগজৰ দুটাকৈ বান্দিল বিক্ৰীৰ উদ্দেশ্যে লৈ আহিছিল । প্ৰৱঞ্চকৰ চক্ৰটোৱে এখন প্ৰকৃত পাঁচশ টকীয়া নোটত ৰং কৰি আনিছিল । নমুনাৰ বাবে প্ৰকৃত পাঁচশ টকীয়াখন ব্যৱহাৰ কৰিছিল চক্ৰটোৱে ৷

three_fraud_arrested_at_tarabari_
জালনোট প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক

প্ৰকৃত পাঁচশ টকীয়া নোটখনত এবিধ ঔষধ ব্যৱহাৰ কৰি ৰংবোৰ উঠাই দিছিল চক্ৰটোৱে । যাতে ৰং দিয়া কাগজবোৰ জাল নোট বুলি পতিয়ন নিয়াব পাৰে । শুকুৰবাৰে, তিনিওটা প্ৰৱঞ্চকক তাৰাবাৰী আৰক্ষীয়ে বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পিছত জেললৈ প্ৰেৰণ কৰে ৷ ইয়াৰ আঁৰত এক বৃহৎ চক্ৰ জড়িত হৈ থকাৰ কথা জানিবলৈ দিয়ে তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে ।

শীঘ্ৰে চক্ৰটোৰ লগত জড়িত থকা আন আন প্ৰৱঞ্চকো আৰক্ষীৰ জালত পৰিব বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰাৰ লগতে এনে প্ৰৱঞ্চকৰ সম্ভেদ পালে আৰক্ষীক অৱগত কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক : চৰাইদেউত ড্ৰাগছ সৰবৰাহী আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.