বৰপেটাৰোড, 28 ছেপ্তেম্বৰ : কৃষক বিৰোধী কলা আইন বাতিল কৰক, বেঁকী নৈত অবৈধভাৱে শিলবালি খনন কাৰ্য বন্ধ কৰক আৰু IPL ৰ নামত চলা জুৱা বন্ধ কৰাৰ দাবীত দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস মুৰ্দাবাদ ধ্বনিৰে কংগ্ৰেছে বৰপেটাৰোড চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
বৰপেটাৰোড ব্লক কংগ্ৰেছ, গোৱৰ্ধনা ব্লক কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু NSUI ৰ শতাধিক সদস্যই বৰপেটাৰোডৰ ৰাজীৱ ভৱনৰ পৰা বৰপেটাৰোড চহৰৰ মাজেৰে সমদল কৰি IPL ৰ নামত বৰপেটাৰোডত চলাই থকা জুৱা বন্ধ কৰক, অবৈধভাৱে চলি থকা বেঁকী নৈৰ খনন কাৰ্য বন্ধ কৰক, কৃষক বিৰোধী কাৰ্যকলাপ বন্ধ কৰক, বৰপেটাৰোড চহৰৰ অলিয়ে গলিয়ে চলি থকা লটাৰী তীৰখেল আদি বন্ধ কৰাৰ দাবীৰে বিভিন্ন শ্ল'গানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি তোলে ৷ অনতিপলমে প্ৰতিবাদকাৰীয়ে চহৰখনত চলি থকা অবৈধ কাম সমূহ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে ৷
লগতে পঢ়ক : 492 বছৰীয়া বকুল বৃক্ষৰ মহাপ্ৰয়াণত ভোগপুৰ সত্রত শোকৰ ছাঁ