বৰপেটা, 3ছেপ্টেম্বৰ: ৰাজ্য়ত ইতিমধ্যে 1 লাখ অতিক্ৰম কৰিছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই ৷ কৰ'ণাৰ ভয়াৱহতা ৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলাৰ ওপৰত দিছে বিশেষ গুৰুত্ব ৷ বুধবাৰে বৰপেটা জিলাৰ বিষ্ণুৰাভাৰ আৱক্ষমূৰ্তিত মাস্ক পৰিধান কৰে জিলাখনৰ সক্ৰিয় সাংস্কৃতিক কৰ্মী, সত্ৰীয়া আৰু হোলীগীতৰ শিল্পী প্ৰমথৰঞ্জন কন্টিয়ে ৷ জিলাবাসীৰ মাজত সজাগতা সৃষ্টিৰ বাবে গ্ৰহণ কৰা হয় এই ব্যৱস্থা ৷ কৰ'ণাৰ এই ভয়াৱহতাৰ পৰা সমাজখনক ৰক্ষা কৰা আৰু শুভ পথৰ সন্ধানৰ বাবে সাংস্কৃতিক কৰ্মীগৰাকীয়ে গ্ৰহণ কৰা এই পদক্ষেপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷
উল্লেখ্য যে, প্ৰায় 3 বছৰ পূৰ্বে কলাগুৰু বিষ্ণুৰাভাৰ জন্মবাৰ্ষিকীত এই আৱক্ষ মূৰ্তিটো উন্মোচন কৰিছিল জুবিন গাৰ্গে ৷
অন্য এক খবৰৰ বাবে: শ্বহীদ পূৰ্ণকান্ত নিৰ্মলীয়াৰ বাসগৃহত আমৰণ অনশনৰ কাৰ্যসূচী