ETV Bharat / state

পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Oct 2, 2020, 4:39 PM IST

পুনৰ মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ পাচত শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে উদ্যানখন ৷ মানাহত প্ৰৱেশ কৰোতে সকলোকে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিঙে ৷

Manas National Park opened
পুনৰ মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

বৰপেটা, 2 অক্টোবৰ : শুকুৰবাৰে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ কৰ’ণা মহামাৰীৰ বাবে বিগত 6 মাহ ধৰি বন্ধ হৈ আছিল উদ্যানখন ৷ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আয়োজিত এক অনুষ্ঠানৰ জৰিয়তে আনুষ্ঠানিকভাৱে উদ্যানৰ প্ৰৱেশদ্বাৰ মুকলি কৰে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিঙে ৷

অনুষ্ঠানৰ আৰম্ভণিতে বাঁহবাৰী বন বিষয়াৰ কাৰ্যালয়ৰ পৰা বন বিভাগৰ কেইবাটাও হাতী আৰু বিভিন্ন সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে এক শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ উদ্যানখনৰ প্ৰৱেশদ্বাৰ মুকলি কৰি এ এম সিঙে মানাহত প্ৰৱেশ কৰোতে সকলোধৰণৰ ক’ভিডৰ নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায় ৷ ইয়াৰোপৰি এই বৰ্ষতে মানাহলৈ দেশীয় পৰ্যটকৰ সোঁত ব’ব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷

পুনৰ মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

এই অনুষ্ঠানত এ এম সিঙসহ উপস্থিত থাকে বন্যপ্ৰাণী বিভাগৰ বন সংৰক্ষক অমিত সাহাই, বন বিভাগ আৰু প্ৰশাসনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: এটা খাদী উৎপাদন কেন্দ্ৰৰ মৃত্যু মুখী যাত্ৰাঃ ইটিভ ভাৰতৰ বিশেষ প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.