ETV Bharat / state

কলগাছিয়াত উন্মুক্ত কুঁৱাত পৰি কথমপি প্ৰাণৰক্ষা এজনৰ

author img

By

Published : Dec 8, 2020, 1:49 PM IST

মঙলবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ এটা ব্যৱহাৰ নকৰা উন্মুক্ত কুঁৱাত পিচলি পৰে নদিয়াপাৰা গাঁৱৰ ৰেজ্জাক আলী নামৰ এজন লোক ৷

Man falls into a deep well letter Rescued
কলগাছিয়াত উন্মুক্ত কুঁৱাত পৰি কথমপি প্ৰাণৰক্ষা এজনৰ

জনীয়া,8 ডিচেম্বৰঃ মঙলবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ বালাগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনোৱাৰ হুছেইনৰ বাসগৃহৰ এটা ব্যৱহাৰ নকৰা উন্মুক্ত কুঁৱাত পিচলি পৰে নদিয়াপাৰা গাঁৱৰ ৰেজ্জাক আলী নামৰ এজন লোক ৷

ইয়াৰ পিছতে কুঁৱাত পৰা ৰেজ্জাক আলীৰ চিঞৰত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ ততাতৈয়াকৈ কলগাছিয়া আৰক্ষী থানাক খবৰ দিয়াত কলগাছিয়া আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ৰেজ্জাক আলীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান ৰেজ্জাক আলী সংকটমুক্ত যদিও কি কাৰণে ঘটনা সংঘটিত হ'ল সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়কঃবিটিচি নিৰ্বাচন : বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.