জনীয়া,6 জানুৱাৰীঃ বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত মেধিৰটাৰীত ১৩ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ ৬ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৪ সংখ্যক মাঘ বিহু উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰা হৈছে । বুধবাৰে মেধিৰটাৰী হাইস্কুল খেলপথাৰত মাঘ বিহুৰ লাই খুঁটা স্থাপন কৰে উদ্যোক্তাই ৷
উক্ত অনুষ্ঠানত উপস্থিত থাকি লাই খুঁটা স্থাপন কৰে অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাসে । লাই খুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ব্লক কমিটিৰ সভাপতি গজেন্দ্ৰ দাস, মেধিৰটাৰী ৪৪ সংখ্যক মাঘ বিহু উদযাপন সমিতিৰ সভাপতি আব্দুল মোতলেব, কাৰ্যকৰী সভাপতি নাজিৰ হুছেইন, মুখ্য সম্পাদক লুৎফৰ ৰহমানকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি ৷
লগতে পঢ়কঃজীৱন চন্দ্ৰ কোঁৱৰক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নতুন মুখ্য কাৰ্যবাহীৰ দায়িত্ব