ETV Bharat / state

ক’ভিড নিৰ্দেশনা অনুসৰি আজিৰে পৰা বৰপেটা সত্ৰৰ কীৰ্তনঘৰ মুকলি

author img

By

Published : Aug 18, 2021, 2:02 PM IST

ক’ৰণা মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল বৰপেটা সত্ৰ ৷ চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰাৰ পাছতেই বুধবাৰৰ পৰা মুকলি কৰা হৈছে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ মুখ্যদ্বাৰ ৷ সত্ৰীয়া ৰীতি অনুসৰি আজি সত্ৰৰ গায়ন, বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই তাল ভংগ নকৰাকৈ হৰিনাম কীৰ্তনক আগস্থান দি সত্ৰত কীৰ্তন মহোৎসৱ অনুষ্ঠিত কৰা হয় ৷

madhavdev_kirtan_mahotsav_at_barpeta_satra
নতুন ক’ভিড নিৰ্দেশনা অনুসৰি আজিৰে পৰা বৰপেটা সত্ৰৰ কীৰ্তনঘৰ মুকলি

বৰপেটা, ১৮ আগষ্ট : বুধবাৰে হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিল বৰপেটা সত্ৰ ৷ ৰাজ্য চৰকাৰে জাৰি কৰা নতুন ক’ভিড নিৰ্দেশনা অনুসৰি বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ মুল দুৱাৰ বুধবাৰে খোল খায় ৷ পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে সত্ৰৰ সীমিত সংখ্যক ভকতৰ অংশগ্ৰহণেৰে মুকলি হোৱা মহাপুৰুষ মাধৱদেৱ স্থাপিত তিনি ৰাজ্যৰ বন্দনীয় স্থান বৰপেটা সত্ৰ মুখৰিত হৈ পৰে হৰিনাম ধ্বনিৰে ৷

দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠান, সত্ৰ, নামঘৰ, দ'ল-দেৱালয়সমূহৰ দুৱাৰ বুধবাৰৰ পৰা আংশিকভাৱে মুকলি কৰা হৈছে ৷ ইপিনে সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে বুধবাৰৰে পৰা ক'ভিড নীতি অনুসৰি সীমিত সংখ্যক ভকতৰ অংশগ্ৰহণেৰে বৰপেটা সত্ৰত আৰম্ভ হৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ কীৰ্তন মহোৎসৱ ৷

সত্ৰীয়া ৰীতি অনুসৰি সত্ৰৰ গায়ন, বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই তাল ভংগ নকৰাকৈ হৰিনাম কীৰ্তনক আগস্থান দি কীৰ্তন মহোৎসৱ অনুষ্ঠিত কৰে ৷ এইদৰে তালভংগ নকৰাকৈ দহদিন ধৰি কীৰ্তনত ভাগ লোৱাৰ বাবেই মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ বুলি কোৱা হয় ৷

দৰ্শনাৰ্থীৰ বাবে এতিয়াও সত্ৰৰ দুৱাৰ মুকলি কৰি নিদিয়াত সীমিত সংখ্যক ভকত আৰু বংশৰাসকলৰ লগতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু সত্ৰৰ একাংশ ভকতে কীৰ্তনঘৰত অনুষ্ঠিত প্ৰসংগত ভাগ লয় ৷ দহদিনীয়া কাৰ্যসূচীৰে পালন কৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ২৭ আগষ্টত গুৰুজনাৰ তিৰোভাৱ তিথিৰ মূল অনুষ্ঠান পালন কৰা হ’ব ৷

লগতে পঢ়ক : আৰম্ভ হ’ল ভাদ মাহ : ঢেকীয়াখোৱা বৰনামঘৰত চলিব মাহজোৰা পালনাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.