ETV Bharat / state

আজি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি, হৰিনামৰ অমৃত ধ্বনিৰে মুখৰিত ৰাজ্য - শ্ৰী শ্ৰী মাধৱ দেৱৰ তিৰোভাৱ তিথি

৪২৩ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নাম কীৰ্তনেৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য ৷ মাজুলীৰ পৰা বৰপেটালৈ, ঢেকিয়াখোৱা নামঘৰৰ পৰা বটদ্ৰৱা সকলোতে হৰিনামধ্বনিৰে মুখৰিত পৰিৱেশ।

ৰাজ্যজুৰি হৰিনাম-কীৰ্তনেৰে পালন গুৰুজনাৰ তিৰোভাৱ তিথি
author img

By

Published : Aug 20, 2019, 2:52 PM IST

নিউজ ডেস্ক, 20 আগষ্টঃ একশৰণ নাম ধৰ্মৰ এগৰাকী মূল হোতা তথা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য মহাপুৰুষ মাধৱ দেৱৰ আজি ৪২৩ সংখ্যক তিৰোভাৱ তিথি৷ ১৪৮৯ চনত নাৰায়ণপুৰৰ লেটেকুপুখুৰিৰ পাৰত জন্ম হয় মহাপুৰুষ মাধৱদেৱৰ৷ ৪২৩ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নাম কীৰ্তনেৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য৷ চাওক এই প্ৰতিবেদন

ৰাজ্যজুৰি হৰিনাম-কীৰ্তনেৰে পালন গুৰুজনাৰ তিৰোভাৱ তিথি

নিউজ ডেস্ক, 20 আগষ্টঃ একশৰণ নাম ধৰ্মৰ এগৰাকী মূল হোতা তথা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ অন্যতম প্ৰধান শিষ্য মহাপুৰুষ মাধৱ দেৱৰ আজি ৪২৩ সংখ্যক তিৰোভাৱ তিথি৷ ১৪৮৯ চনত নাৰায়ণপুৰৰ লেটেকুপুখুৰিৰ পাৰত জন্ম হয় মহাপুৰুষ মাধৱদেৱৰ৷ ৪২৩ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ নাম কীৰ্তনেৰে মুখৰিত হৈছে সমগ্ৰ ৰাজ্য৷ চাওক এই প্ৰতিবেদন

ৰাজ্যজুৰি হৰিনাম-কীৰ্তনেৰে পালন গুৰুজনাৰ তিৰোভাৱ তিথি
Intro:Body:টীয়কৰ ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেব তিথি পালন
TEOK :আজি মাধৱদেৱৰ তিৰোভাব তিথি । গুৰুজনাই নিজ হাতেৰে স্থাপন কৰা ঢেকীয়াখোৱা বৰনামঘৰতো পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাব তিথি । প্ৰবাদ অনুসৰি বৈষ্ণৱধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে, অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই মাধৱদেৱক জোঁৱায়েকৰ সৈতে বন্দী কৰে, পাছত বিচাৰত জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে। বন্দীশালৰ পৰা ওলাই আহি বৰ্তমানৰ ঢেকীয়াখোৱা বৰনামঘৰ থকা ঠাইত, এটা ভগা পজাঁত থকা এহাল বুঢ়া-বুঢ়ীৰ ঘৰত দুখে-ভাগৰে মাধৱদেৱে আশ্ৰয় ল’লে। ৰাতিৰ ভাত সাঁজৰ বাবে ঢেঁকীয়া শাকেৰে ব্যঞ্জন বনাই বুঢ়ীয়ে নিজেই নাখায় মাধৱদেৱক খুৱাইছিল । আহাৰ গ্ৰহণ কৰাৰ পাছত, বুঢ়াৰ সহযোগত গাঁৱৰ কেইজনমান লোক লগ হৈ সেই ঠাইত এটা নামঘৰ স্থাপনৰ কথা কয় আৰু গুৰুজনাই নিজৰ পৰিচয় দিয়ে। ৰাইজে গুৰুজনাৰ ওচৰত মূৰ দোঁৱাই সন্মতি প্ৰকাশ কৰে। যি ঠাইত গুৰুজনাই ভোজন কৰিছিল, সেই ঠাইত বৰগছৰ তলত খুটি মাৰি বন্তি প্ৰজ্বলন কৰি নামঘৰ ভাগ স্থাপন কৰে। তেতিয়াৰ পৰাই এই নামঘৰটোৰ লগতে অঞ্চলটোৰ নাম ঢেকীয়াখোৱা হয়। মহাপুৰুষ মাধৱদেৱে সেই ঠাই ত্যাগ কৰাৰ পাছত বুঢ়া-বুঢ়ীহালৰ মৃত্যু হয় আৰু ৰাইজে সেই ঠাইতে খেৰ-বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনামগাবলৈ ধৰিলে। এসময়ত কাঠ-বাঁহেৰে নিৰ্মিত এই নামঘৰেই আটকধুনীয়া ঢেকীয়াখোৱা নামঘৰ হিচাপে প্ৰখ্যাত হয়।সেয়ে আজি পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে গুৰুজনাৰ চৰণত সেৱা জনাবলৈ ভিৰ কৰিছে বৰ নামঘৰৰ প্ৰাংগণConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.