জনীয়া, 23 অক্টোবৰ: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ছনপুৰা হাজীপাৰাৰ মেহবুব নামৰ এজন যুৱকে এগৰাকী যুৱতীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি,যুৱতীগৰাকীৰ সৈতে দুবছৰৰ প্ৰেমৰ সম্পৰ্ক আছিল মেহবুব নামৰ যুৱকজনৰ ৷ যুৱতীগৰাকীক বিয়াৰ প্ৰলোভনেৰে মেহবুবে গুৱাহাটীৰ হোটেলত নি নৈশ যাপনৰ অভিযোগো উত্থাপন হৈছে ৷ কিন্তু ইমানৰ পাচতো হঠাতে মেহবুবে মোবাইল ফোন অফ কৰি যোগাযোগ বিচ্ছিন্ন কৰিছিল যুৱতীগৰাকীৰ সৈতে ৷ যাৰ বাবে বৃহস্পতিবাৰে নিশা মেহবুবৰ বাসগৃহত উপস্থিত হৈ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি যুৱতীগৰাকীয়ে তেওঁক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ দাবী জনায় ৷
কিন্তু যুৱতীগৰাকীক পত্নী হিচাপে গ্ৰহণ কৰিবলৈ অমান্তি হয় মেহবুব নামৰ যুৱকজন ৷ আনকি মেহবুবে পৰিয়ালৰ সহযোগত যুৱতীগৰাকীক গতিয়াই বাহিৰ কৰি দিয়াৰ লগতে,ঘৰৰ পৰা প্ৰায় 500 মিটাৰ আঁতৰৰ পথৰ দাঁতিত পেলাই থৈ যায় ৷ পৰৱৰ্তী সময়ত স্থানীয় বাসিন্দাই যুৱতীগৰাকীক প্ৰত্যক্ষ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষীত অৱগত কৰে ৷ অভিযুক্ত যুৱকজনে যুৱতীগৰাকীক পত্নী হিচাপে গ্ৰহণ নকৰিলে আত্মহত্যা কৰাৰ ভাবুকি প্ৰদান কৰে যুৱতীগৰাকীয়ে ৷
লগতে পঢ়ক: স্বামী পৰিয়ালৰ যৌতুক দাবীঃ গৰ্ভৱৰ্তী মহিলাৰ আত্মহত্যা