ETV Bharat / state

কলগাছিয়াৰ শিক্ষক আক্ৰমণৰ ঘটনাক নাটকীয় আখ্যা

কলগাছিয়াৰ বালাগাঁৱত শিক্ষকক আক্ৰমণ কৰা ঘটনাৰ নাটকীয় পৰিঘটনা ৷ ভূমি বিবাদক কেন্দ্ৰ কৰি দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনা পৰিকল্পিত নাটক বুলি অভিযোগ স্থানীয় লোকৰ ৷ উচিত তদন্তৰ দাবী ভুক্তভোগী আৰু স্থানীয় ৰাইজৰ ৷

কলগাছিয়াত নিশা শিক্ষকক আক্ৰমণ কৰা ঘটনাক নাটকীয় আখ্যা

author img

By

Published : Jul 15, 2021, 9:37 PM IST

জনীয়া, 15 জুলাই : কলগাছিয়া আৰক্ষী থানা (Kalgachia Police Station)ৰ অন্তৰ্গত বালাগাঁও ঈদগাহৰ কাষত সোমবাৰে নিশাত এদল দুষ্কৃতিকাৰীয়ে ৰাস্তা আগুচি ধৰি হানিফ আলী আহমেদ নামৰ এগৰাকী শিক্ষকক প্ৰাণে মৰাৰ চেষ্টা কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ সম্প্ৰতি শিক্ষকগৰাকীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাটো আইনৰ চকুত ধূলি দিবলৈ কৰা এক পৰিকল্পিত নাটক বুলি অভিযোগ কৰিছে স্থানীয় একাংশ লোকে ৷ উল্লেখযোগ্য যে, তিতাপানী মৌজাৰ টাপেশ্বৰা গাঁৱৰ প্ৰয়াত হাচেন আলীৰ নামত থকা তিনি বিঘা ৫০ লেচা মাটি তিনি বছৰ পূৰ্বে তেওঁৰ সন্তানৰ নামত নামজাৰি হৈছিল ৷ আনফালে উক্ত মাটি ডোখৰ ঘৰুৱা দলিলৰ জৰিয়তে ক্ৰয় কৰি হানিফ আলীয়ে প্ৰায় ৩৫ বছৰ ধৰি ভোগ দখল কৰি আহিছে ৷

কলগাছিয়াত নিশা শিক্ষকক আক্ৰমণ কৰা ঘটনাক নাটকীয় আখ্যা

যাৰবাবে সম্প্ৰতি এই মাটিক লৈ হাচেন আলীৰ পুত্ৰ ছহিদুল ইছলাম আৰু হানিফ আলীৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে ৷ প্ৰায় এক সপ্তাহ পূৰ্বে উক্ত ভূমিত হানিফ মাষ্টৰে হাল বাবলৈ যোৱাত ছহিদুলৰ পৰিয়ালে বাধা প্ৰধান কৰে ৷ ফলত দুয়োৰে মাজত হতাহতিৰ সৃষ্টি হয় ৷

সোমবাৰে উক্ত ভূমি কেন্দ্ৰিক বিবাদ (Land Dispute)চলি থকা অৱস্থাতে বালাগাঁৱত হানিফক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ৷ উক্ত দিনা ঘটনাস্থলীত কোনো দুষ্কৃতিকাৰীক ৰাইজে প্ৰত্যক্ষ নকৰাত এয়া এক নাটকীয় ঘটনা বুলি সন্দেহ কৰিছে একাংশ ৰাইজে ৷ ফলত ভুক্তভোগীয়ে উচিত তদন্ত দাবী কৰাৰ বিপৰীতে হানিফ আলী মাষ্টৰে নিজ গৃহতে চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । এনে অৱস্থাত আৰক্ষীৰ তদন্ততহো পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত তথ্য ।

লগতে পঢ়ক : দেশত চেঞ্চুৰী কোবালে পেট্ৰ'ল-ডিজেলৰ মূল্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.