বৰপেটা, ৩১ ডিচেম্বৰ: বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ তত্বাৱধনাত সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্বহীদৰ স্মৃতিত পুনঃনিৰ্মাণ কৰা পুথিভঁৰালটো বুধবাৰে উদ্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(Sundaridiya High School library inaugurated) ৷ বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা অসম আৰক্ষীৰ বীৰ শ্বহীদ দীপক কুমাৰ দেউৰী আৰু প্ৰণৱ কুমাৰ চৌধুৰীৰ নামেৰে নামকৰণ কৰা হৈছে পুথিভঁৰালটো(Library inaugurated in memory of martyrs in Barpeta) ।
![Library inaugurated in memory of martyrs in Sundaridiya High School](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-09to14-29dec-library-inaugurated-in-memory-of-martyr-by-dgp-visbitephoto-as10038_29122021173723_2912f_1640779643_716.jpg)
উদ্বোধনী সভাত উপস্থিত থাকে অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ উপ-আৰক্ষী মহাপৰিদৰ্শক দিলীপ কুমাৰ দে’, বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে বাক্সা, গোৱালপাৰা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাৰ আৰক্ষী অধীক্ষকসকল ৷
পুথিভঁৰালটো উদ্বোধন কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে, অসম আৰক্ষীয়ে বিগত দুটা বছৰ ধৰি শ্বহীদসকলক সন্মান জনোৱাৰ বাবে তেওঁলোকে পঢ়া বিদ্যালয়সমূহত তেওঁলোকৰ স্মৃতিচাৰণ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো প্ৰাক্তন ছাত্ৰ তথা অসম আৰক্ষীৰ বোমা বিশেষজ্ঞ শ্বহীদ দীপক কুমাৰ দেউৰী ২০০৫ চনত বঙাইগাঁও জিলাত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হৈছিল ৷ আনহাতে, প্ৰণৱ কুমাৰ চৌধুৰীয়ে ১৯৯৪ চনত চাউৰাগুৰিত কৰ্তব্যৰত অৱস্থাত উগ্ৰপন্থীৰ হাতত প্ৰাণ হেৰুৱাইছিল ৷ বীৰ জোৱান দুজনৰ স্মৃতিত সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰক্ষীৰ দ্বাৰা পুথিভঁৰাল নিৰ্মাণ কৰি দিয়াৰ উপৰিও কিতাপো যোগান ধৰা হয় ৷
![Library inaugurated in memory of martyrs in Sundaridiya High School](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-09to14-29dec-library-inaugurated-in-memory-of-martyr-by-dgp-visbitephoto-as10038_29122021173723_2912f_1640779643_425.jpg)
আনহাতে, বৰপেটাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই PSO সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ তেওঁ কয় যে, অসম আৰক্ষীয়ে SOP প্ৰস্তুত কৰি আছে ৷ অসমত এতিয়া শান্তিৰ পৰিবেশ সৃষ্টি হৈছে বুলিও তেওঁ মন্তব্য কৰে ৷ অনাৱশ্যকীয়ভাৱে আৰক্ষী জোৱানসকল য'তে ত'তে ব্যস্ত হৈ থকাৰ ফলত আৰক্ষীৰ প্ৰকৃত কামত ব্যাঘাত জন্মিছে ৷
আৰক্ষী বাহিনী প্ৰকৃত কামৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাৰ বাবে ৰাইজৰ সেৱা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে ৷ ৰাইজৰ সেৱাত যাতে অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে অনাৱশ্যকীয়ভাৱেভাবে থকা PSO কৰ্তন কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও বিভিন্ন ক্ষেত্ৰত এক আমোল পৰিৱৰ্তন হ'ব বুলি অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মন্তব্য কৰে ৷ বৰপেটাৰ পৰাই ভাস্কৰজ্যোতি মহন্তই অসমবাসীক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
লগতে পঢ়ক:Fitness programme in Barpeta : শৰীৰ চৰ্চাৰে বছৰটোক আদৰাৰ আয়োজন বৰপেটাৰ প্ৰশাসনৰ