ETV Bharat / state

বেদখল মুক্ত হ'বনে সুন্দৰীদিয়া সত্ৰৰ ভূমি ? - BARPETA

বেদখলকাৰীৰ কবলত সুন্দৰীদিয়া সত্ৰৰ প্ৰায় শতাধিক বিঘা মাটি ৷ বেদখলকাৰীৰ বাবেই এতিয়া সত্ৰখন চলোৱা কঠিন হৈ পৰিছে সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ ৷

বেদখলমুক্ত হ'বনে সুন্দৰীদিয়া সত্ৰৰ ভূমি ?
author img

By

Published : Jun 7, 2019, 12:37 PM IST

বৰপেটা, 7 জুনঃ বেদখলকাৰীৰ কবলত মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ ভূমি ৷ মাধৱদেৱ গুৰুজনাই প্ৰায় চৈধ্য বছৰ ছমাহ কাল সত্ৰ পাতি বাস কৰা সুন্দৰীদিয়া সত্ৰৰ প্ৰায় শতাধিক বিঘা মাটি এতিয়া বেদখলকাৰীৰ কবলত ৷ সন্দেহজনক নাগৰিকে সত্ৰৰ মাটি বেদখল কৰি নিৰ্মাণ কৰিছে ৰাজহুৱা বাট-পথকে ধৰি ঘৰ-দুৱাৰ, পুখুৰী আদি ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে সুন্দৰীদিয়া সত্ৰৰ নামত আবন্টন দিয়া ৪৫০ বিঘা মাটিৰ লগতে ১৯৯৫ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰাই সত্ৰৰ অধীনত থকা 'বৰিয়া বিলখন'টো চলিছে ব্যাপক বেদখল ৷ ৰাজ্য চৰকাৰক বছৰেকত প্ৰায় ডেৰলাখ টকাৰ ৰাজহ আদায় দি বৰিয়া বিলখন ডাকত লৈ চলাই অহাৰ পাচত শেহতীয়াকৈ বৰিয়া বিলৰ মাটি দখল কৰি ঘৰ-দুৱাৰ সাজি বাস কৰাৰ লগতে বৃহৎ পুখুৰী খান্দি সন্দেহজনক লোকে চলাইছে বেদখল ৷

বেদখলমুক্ত হ'বনে সুন্দৰীদিয়া সত্ৰৰ ভূমি ?

ইপিনে খেতি চপোৱাৰ সময়ত অথবা বিলত মাছ ধৰাৰ সময়ত প্ৰায়ে বেদখলকাৰীৰ সৈতে সংঘাত সৃষ্টি হয় সত্ৰখনৰ ৷ ফলত সত্ৰখন চলোৱা কঠিন হৈ পৰিছে সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ বাবে ৷ আনকি বেদখলকাৰীৰ ভয়ত সত্ৰাধিকাৰগৰাকীয়ে আৰক্ষীৰো কাষ চাপিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ শেহতীয়াভাৱে, ব্ৰিটিছৰ দিনতে প্ৰৱৰ্তিত ভূমিলেখ অধিনিয়মৰ সংশোধনী ঘটাই সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও সুন্দৰীদিয়া সত্ৰৰ লগতে ৰাজ্যৰ আন আন সত্ৰসমূহ বেদখল মুক্ত হ'বনে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক - ফণীৰ ধ্বংসলীলাঃ ওড়িশাক প্ৰয়োজন 9,000 কোটি টকা

Slug:     as_bar_7june_land_encroachment_of_sundaridia_satra_vis+bite+photo_7203841                
 বেদখলমুক্ত হবনে মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ ভূমিঃ সত্ৰৰ ভূমিত সন্দেহজনক লোকে বেদখল কৰি নিৰ্মাণ কৰিছে বাট-পথ, ঘৰ-দুৱাৰ ; খান্দিছে পুখুৰী ৷৷

বৰপেটা, ৭ জুনঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে ভূমিলেখ্য অধিনিয়মৰ সংশোধনী ঘটাই ৰাজ্যৰ সকলোবোৰ সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ৷ পিছে সন্দেহজনক নাগৰিকৰ কবলত পৰা সত্ৰ সত্ৰসমুহৰ হেজাৰ হেজাৰ বিঘা ভূমি সঁচাকৈয়ে বেদখলমুক্ত হবনে ৷ বেদখলমুক্ত হবনে মাধৱদেৱ মহাপুৰুষে স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ ভূমি ৷ চাও আহক এই প্ৰতিবেদন ৷ 

শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সৈতে উজনিৰ পৰা ভটিয়াই অহা মাধৱদেৱে পাটবাউসীত গুৰুজনাৰ সৈতে কিছুকাল নিৱাস কৰাৰ পিচত স্থাপন কৰিছিল সুন্দৰীদিয়া সত্ৰ ৷ সুন্দৰীদিয়াত সত্ৰ পাতি মাধৱদেৱ গুৰুজনাই প্ৰায় চৈধ্য বছৰ ছমাহ কাল নিবাস কৰিছিল সুন্দৰীদিয়াত ৷ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ প্ৰায় শতাধিক বিঘা মাটি এতিয়া বেদখলকাৰীৰ কবলত ৷ সন্দেহজনক নাগৰিকে সত্ৰৰ মাটি বেদখল কৰি নিৰ্মাণ কৰিছে ৰাজহুৱা বাট-পথ, নিৰ্মাণ কৰিছে ঘৰ-দুৱাৰ, পুখুৰী আদি ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে সুন্দৰীদিয়া সত্ৰক আবন্টন দিয়া ৪৫০ বিঘা মাটিত চলিছে অবাধ বেদখল ৷  ইপিনে  ১৯৯৫ চনত মুখ্যমন্ত্ৰী  হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰাই সত্ৰৰ অধীনত থকা 'বৰিয়া বিলখন'টো চলিছে ব্যাপক বেদখল ৷ ৰাজ্য চৰকাৰক বছৰেকত প্ৰায় ডেৰলাখ টকাৰ ৰাজহ আদায় দি বৰিয়া বিলখন ডাকত লৈ  চলাই অহাৰ পিচত শেহতীয়াভাৱে বৰিয়া বিলৰ মাটি দখল কৰি ঘৰ-দুৱাৰ সাজি বাস কৰাৰ লগতে বৃহৎ পুখুৰী খান্দি সন্দেহজনক লোকে চলাইছে বেদখল ৷ খেতি চপোৱাৰ সময়ত অথবা  বিলত মাছ ধৰাৰ সময়ত প্ৰায়ে বেদখলকাৰীৰ সৈতে সংঘাত সৃষ্টি হয় সত্ৰখনৰ ৷ ফলত সত্ৰখন চলোৱা কঠিন হৈ পৰিছে সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ বাবে ৷ আনকি বেদখলকাৰীৰ ভয়ত সত্ৰাধিকাৰগৰাকীয়ে আৰক্ষীৰো কাষ চাপিবলগীয়া পৰিস্থিতিৰসৃষ্টি হৈ আহিছে ৷ শেহতীয়াভাৱে, ব্ৰিটিছৰ দিনতে প্ৰৱৰ্তিত ভূমিলেখ্য অধিনিয়মৰ সংশোধনী ঘটাই সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহন কৰিছে সিদ্ধান্ত ৷ পিছে প্ৰশ্ন উঠিছে, সুন্দৰীদিয়া সত্ৰৰ লগতে ৰাজ্যৰ আন আন সত্ৰসমুহ বেদখল মু্ক্ত হবনে ৷ সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী আশাবাদী, সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত সফল হব ৰাজ্য চৰকাৰ ৷ 
ইপিনে ৰাজ্য চৰকাৰে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে লোৱা কেবিনেট সিদ্ধান্তক আদৰনি জনাইছে বৰপেটা শাখা সত্ৰ সমাজে ৷ বৰপেটা সত্ৰৰ প্ৰাক্তন সম্পাদক তথা বৰপেটা শাখা সত্ৰ সমাজৰ সম্পাদক প্ৰধান মহানন্দ পাঠকৰ দাবী ৰাজ্যৰ সকলোবোৰ সত্ৰৰ ভূমি বেদখলমুক্ত কৰক ৰাজ্য চৰকাৰে ৷  

বাইটঃ জগন্নাথ অধিকাৰী, সত্ৰাধিকাৰ, সুন্দৰীদিয়া সত্ৰ ৷
বাইটঃ মহানন্দ পাঠক, সম্পাদক প্ৰধান, বৰপেটা শাখা সত্ৰ সমাজ, অসম ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.