ETV Bharat / state

Bhaona Samaroh in Barpeta:বৰপেটাত ভাওনা সমাৰোহৰ লাইখুটা স্থাপন

author img

By

Published : Jan 17, 2023, 2:23 PM IST

অহা ২৮ জানুৱাৰীৰ পৰা সত্ৰনগৰী বৰপেটাত তিনিদিনীয়াকৈ আৰম্ভ হ'ব ভাওনা সমাৰোহ (Bhaona Samaroh in Barpeta)। উক্ত সমাৰোহত বৰপেটাৰ উপৰি সুন্দৰীদিয়া সত্ৰৰ লগতে গোলাঘাট, যোৰহাট আৰু টীয়কৰ ভাওনা দলে ভাওনা পৰিবেশন কৰিব বুলি উদ্য়োক্তাসকলে সদৰি কৰিছে ।

Bhaona Samaroh at Barpeta
বৰপেটাত তিনিদিনীয়াকৈ আৰম্ভ হ'ব ভাওনা সমাৰোহ

বৰপেটা, ১৭ জানুৱাৰী: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা ৰূপে আখ্য়া লাভ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰচাৰৰ লগতে প্ৰসাৰৰ বাবে ৰাজ্য়ৰ বিভিন্ন ঠাইত আয়োজন কৰা হৈছে ভাওনা সমাৰোহৰ (Bhaona Samaroh in Assam)। অংকীয়া নাটক আৰু অধিক প্ৰাণৱন্ত ৰূপত গতিশীল কৰাৰ উদ্দেশ্যে আগত ৰাখিয়েই আয়োজকসকলে এনে সমাৰোহৰ আয়োজন কৰিছে । এনে উদ্দেশ্যৰেই সত্ৰনগৰী বৰপেটাত অহা ২৮ জানুৱাৰীৰ পৰা আয়োজন কৰা হৈছে ভাওনা সমাৰোহৰ (Bhaona Samaroh at Barpeta)।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্ম, ধৰ্ম আৰু লীলাভূমি সত্ৰনগৰী বৰপেটাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ভাওনা সমাৰোহ (Mahapurush Srimanta Sankaradeva) ৷ বৰপেটা সত্ৰৰ বাছ আস্থানত অনুষ্ঠিত হ'বলগীয়া উক্ত ভাওনা সমাৰোহৰ মঙলবাৰে লাইখুটা স্থাপন কৰা হয় (Laikhuta of Bhaona Samaroh in Barpeta) ৷ আজি গায়ন বায়ন সমন্বিতে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে লাইখুটা স্থাপন কৰে ৷ লাইখুটা স্থাপন কৰি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে কয় যে সত্ৰীয়া কলা-সংস্কৃতিৰ মহা সমুদ্ৰ হৈছে বৰপেটা সত্ৰ । এই সত্ৰৰ পৰাই বিশ্বত হৰিনাম বিতৰণ কৰিছে মহাপুৰুষ দুজনাৰ ভক্তসকলে ।

বৰপেটা সত্ৰৰ সহযোগত শংকৰী সাংস্কৃতিক ভাওনা দলে আয়োজন কৰা ভাওনা সমাৰোহৰ লাইখুটা স্থাপন কাৰ্যসূচীত বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ লগতে সত্ৰৰ ভকতসকলেও অংশগ্ৰহন কৰে (Former MLA Gunindra Nath Das) ৷বৰপেটা সত্ৰৰ সহযোগত বৰপেটাত তিনিদিনীয়াকৈ অনুষ্ঠিতব্য় ভাওনা সমাৰোহত বৰপেটাৰ উপৰি সুন্দৰীদিয়া সত্ৰৰ দলৰ লগতে গোলাঘাট, যোৰহাট আৰু টীয়কৰ ভাওনা দলে ভাওনা পৰিবেশন কৰিব বুলি বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে সদৰি কৰিছে (Sundaridiya Satra) ৷ ডেকা সত্ৰীয়া গৌতম পাঠকে এই ভাওনা সমাৰোহৰ সকলো কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ৷

উল্লেখ্য় যে অংকীয়া নাট বা ভাওনা হৈছে অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰাণ স্বৰূপ । সেয়েহে অংকীয়া নাট বা ভাওনাই যুগ যুগ ধৰি অসমীয়া সংস্কৃতিৰ বিকাশত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি কোৱা হয় । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ অংকীয়া ভাওনাই অসমীয়া জাতিটোক বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় দিছে । সেয়েহে এই ভাওনাৰ গুৰুত্ব পূৰ্বৰ সমানেই আজিও অসমীয়া সমাজখনত বৰ্তি আছে ।

লগতে পঢ়ক:Audiometry and speech training: যোৰহাটত প্ৰতিবন্ধীসকলৰ বাবে মুকলি শ্ৰৱণ-কথনৰ প্ৰশিক্ষণ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.