ETV Bharat / state

বৰপেটা মেডিকেল কলেজ হাস্পতাল পৰিদৰ্শন মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণৰ

author img

By

Published : Jun 11, 2020, 7:43 PM IST

বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ মুখ্য সচিবগৰাকীয়ে মেডিকেল কলেজৰ অধ্যক্ষ, অধীক্ষক, হাস্পতালখনৰ কভিদ বিষয়া,জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে মত বিনিময় কৰে ৷ বিশেষকৈ COVID-19 ৰ স্বাৱ পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত হোৱা বিলম্ব সম্পৰ্কত পৰ্যালোচনা কৰে মুখ্য সচিবগৰাকীয়ে ৷

Kumar Sanjaykrishna
মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণ

বৰপেটা, ১১ জুনঃ COVID-19ৰ ছোৱাব পৰীক্ষাৰ ফলাফল ওলোৱাৰ ক্ষেত্ৰত পলম হোৱাক লৈ বৰপেটাৰ কেবাটাও কোৱাৰেন্টাইন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিচতে বৃহস্পতিবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ মুখ্য সচিবগৰাকীয়ে মেডিকেল কলেজৰ অধ্যক্ষ,অধীক্ষক,হাস্পতালখনৰ কোভিড বিষয়া,জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে মত বিনিময় কৰে ৷ বিশেষকৈ COVID-19ৰ স্বাৱ পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত হোৱা বিলম্ব সম্পৰ্কত পৰ্যালোচনা কৰে মুখ্য সচিবগৰাকীয়ে ৷

মুখ্য সচিব কুমাৰ সঞ্জয়কৃষ্ণ

লগতে পঢ়কঃ টেলিকম বিভাগৰ পৰা এজিআৰৰ বাবে ধনৰাশিৰ দাবী উচ্চতম ন্যায়ালয়ৰ

দৰাচলতে,COVID-19ৰ স্বাৱ পৰীক্ষাৰ ফলাফলসমূহ পলম হোৱাকলৈ বৰপেটাৰ কোৱাৰেন্টাইন কেন্দ্ৰসমূহত অসন্তুষ্টিৰ সৃষ্টি হৈছিল ৷ এই অসন্তুষ্টিৰ পিচতে মুখ্য সচিবগৰাকীয়ে ৪৮ ঘন্টাৰ ভিতৰত COVID-19 স্বাৱ পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰাৰ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে,একেসময়তে বেছিসংখ্যক স্বাৱ পৰীক্ষা কৰিবলগীয়া হোৱাৰ বাবে সমস্যাৰ সৃষ্টি হোৱা বুলি প্ৰকাশ কৰি মুখ্য সচিবগৰাকীয়ে এতিয়াৰে পৰা এই সমস্যা সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.