ETV Bharat / state

Missing labour arrived home: জীৱনটো হাতত লৈ ঘৰ পালেহি অৰুণাচলত আৱদ্ধ হৈ থকা শ্ৰমিক - Assam 19 workers missing in Arunachal pradesh

অৱশেষত স্বগৃহত উপস্থিত হ'লহি প্ৰাণৰ মমতাত অৰুণাচলৰ পৰা পলয়ান কৰি নিৰুদ্দেশ হৈ পৰা কলগাছিয়াৰ শ্ৰমিক খাইৰুল ইছলাম(Assam 19 workers missing in Arunachal pradesh) । স্বগৃহত উপস্থিত হোৱাৰ পাছতেই উঠিল কান্দোনৰ ৰোল । ভয়ংকৰ পৰিস্থিতি বৰ্ণনা কৰিলে খাইৰুলে ।

khairul islam who went missing in arunachal arrives at his home
কোনোমতে জীৱনটো হাতত লৈ ঘৰ পালেহি অৰুণাচলত আৱদ্ধ হৈ থকা শ্ৰমিক খাইৰুল
author img

By

Published : Jul 30, 2022, 4:25 PM IST

জনীয়া,৩০ জুলাই: অৰুণাচলত প্ৰাণৰ মমতাত পলায়ন কৰি নিৰুদ্দেশ হৈ পৰা ১৯ শ্ৰমিকৰ মাজৰে এজন (Assam 19 workers missing in Arunachal pradesh) কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ইছবপুৰ গাঁৱৰ খাইৰুল ইছলাম । অৱশেষত কোনোমতে জীৱন ৰক্ষা কৰি স্বগৃহ পালেহি শ্ৰমিকজন ।

কোনোমতে জীৱনটো হাতত লৈ ঘৰ পালেহি অৰুণাচলত আৱদ্ধ হৈ থকা শ্ৰমিক খাইৰুল

শ্ৰমিকজন স্বগৃহত উপস্থিত হোৱাৰ পাছতেই শোকত ভাঙি পৰিল পৰিয়ালবৰ্গ । ইফালে খাইৰুলে বৰ্ণনা কৰিলে সেই ভয়াবহ সময়ৰ কথা । শ্ৰমিকজনে জানিবলৈ দিয়া মতে অভয়াপুৰীৰ ৰেজাউল হক নামৰ লোক এজনে কামৰ বাবে লৈ গৈছিল অৰুণাচলৰ কুৰুং কুৰ্মেলৈ । উক্ত ৰেজাউল হকে অৰুণাচলৰ ঠিকাদাৰৰ পৰা ২০ লাখ টকা লৈ পলায়ন কৰে । পিছত আবদ্ধ হৈ পৰা শ্ৰমিক সকল খাদ্য সংকটত পৰে ।

ইয়াৰ পাছতেই অৰুণাচলৰ ঠিকাদাৰে বন্দুকৰ পৰা শুন্যলৈ দুই জাই গুলি ফুটাই শ্ৰমিক কেইজনক ভাবুকি প্ৰদান কৰে । খাদ্য সংকটত পৰা শ্ৰমিক কেইজনে খাদ্য বিচাৰিলেও গছৰ পাত খাবলৈ কৈছিল ঠিকাদাৰে । তাত থাকিলে মৃত্যু অনিবাৰ্য বুলি ভাবি ৫ জুলাইৰ নিশা ১২ বজাত অসমলৈ বুলি ঘন জংঘলৰ মাজেদি পদপথে পলায়ন কৰিছিল শ্ৰমিক সকল ।

কিন্তু আধাবাটতে দিক-বিদিক হেৰুওৱাই নিৰুদ্দেশ হৈছিল ১৯ জনকৈ শ্ৰমিক । গছৰ গুটি, গছৰ পাত, বাঁহ কাটি বাঁহৰ পানী পান কৰি পাহাৰ বগাই বগাই ১৭ দিন পাৰ কৰে বিপদগ্ৰস্ত শ্ৰমিক কেইজন । তাৰে ভোক পিয়াহত তিনিজনৰ মৃত্যু হয় যদিও ৮ জন আধামৰা অৱস্থাত ঘৰ পাইছে বুলি ইছবপুৰৰ খাইৰুল ইছলামে জানিবলৈ দিয়ে(3 dead in Arunachal Pradesh) । ইফালে অসম চৰকাৰৰ অমনোযোগিতা তথা অৰুণাচল চৰকাৰে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে শ্ৰমিকজনে ।

লগতে পঢ়ক: Siladitya Dev on Jihadi Activity: মাদ্ৰাছাতকৈও বেছি ধিঙৰ বিধায়কৰ ওপৰত নজৰ ৰাখিবলৈ আহ্বান শিলাদিত্যৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.