ETV Bharat / state

সুলভ মূল্যৰ আঁচনিৰ কেৰাচিনৰ চোৰাং বেহা - Barpeta District

কলগাছিয়াৰ বাহাৰ বজাৰত প্ৰায় 60 লিটাৰ চোৰাং কেৰাচিন তেল জব্দ কৰে ৰাইজে ৷ হিতাধিকাৰীৰ প্ৰাপ্য তেল বিতৰণ নকৰি দীৰ্ঘদিনে চোৰাং ব্যৱসায় চলাই আহিছিল সুলভ মূল্যৰ প্ৰতিষ্ঠানৰ ব্যৱসায়ীয়ে ৷ এই অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷

kerosin oil seized at kalgasia barpeta assam etv bharat news
চোৰাং কেৰাচিন জব্দ
author img

By

Published : May 11, 2020, 12:39 PM IST

জনিয়া,11 মে’: ঘূণে ধৰিছে অসম চৰকাৰৰ যোগান বিভাগত ৷ সংঘটিত হৈছে ইখনৰ পিছত সিখন আঁচনিত দুৰ্নীতি ৷ অৱশেষত সুলভ মূল্যৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰতো ৰাজ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাহাৰ বজাৰত দেওবাৰে নিশা স্থানীয় ৰাইজৰ তৎপৰতাত জব্দ হৈছে কেৰাচিন তেল সহিতে চোৰাং ব্যৱসায়ী ৷ সুলভ মূল্যৰ আঁচনিৰ অধীনৰ প্ৰায় ৬০ লিটাৰ তেল জব্দ কৰে ৰাইজে । জব্দকৃত তেলৰ প্ৰতি লিটাৰত ৪২ টকাকৈ কিনাৰ কথা প্ৰকাশ কৰে চোৰাং ব্যৱসায়ী ৰজব আলীয়ে ৷

চোৰাং কেৰাচিন জব্দ

আনহাতে, দক্ষিণ ৰূপসী সমবায় সমিতিৰ অন্তৰ্গত অনুজ্ঞাপত্ৰ নং- বিএছএম-২২/৯৮/৮৪ ৰ অধীনৰ সুলভ মূল্যৰ ব্যৱসায়ী জামালউদ্দিনে বিগত মাহত তেল বিতৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷ কলগাছিয়াৰ পাথাৰগাঁৱৰ ব্যৱসায়ীগৰাকীয়ে এইদৰে হিতাধিকাৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰি দীৰ্ঘদিনে কেৰাচিন তেলৰ অবৈধ ব্যৱসায় চলাই আহিছে ৷

লগতে চাওকঃ চৰকাৰক বুঢ়া আঙুলি পঞ্চায়ত সদস্যৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.