ETV Bharat / state

কলগাছিয়াত চাইকেলৰ টায়াৰৰ দ্বাৰা সংযোগ বিদ্যুত পৰিবাহী তাঁৰ

author img

By

Published : Sep 19, 2020, 4:57 PM IST

কলগাঠিয়াৰ টাপাজুলি আৰু বালিকুৰি গাঁৱৰ ৰাইজৰ বাৰাম্বাৰ দাবীৰ অন্তত এবছৰ পূৰ্বে শক্তি বিভাগে কেইটামান বিদ্যুতৰ পকি খুটা স্থাপন কৰিছিল যদিও আজিপৰ্যন্ত তাত তাঁৰ সংযোগ কৰি যোগান ধৰা হোৱা নাই বিদ্যুৎ ৷ ইয়াৰ উপৰিও জনতা বজাৰৰ কাষতে থকা উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সফৰ্মাৰটোও উন্মুক্ত অৱস্থাতে আছে ৷

Kalgachiya electricity department carelessness
কলগাছিয়াত চাইকেলৰ টায়াৰৰ দ্বাৰা সংযোগ বিদ্যুত পৰিবাহী তাঁৰ

জনিয়া, 19 ছেপ্তেম্বৰঃ কলগাছিয়াত শক্তি বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড ৷ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত টাপাজুলি আৰু বালিকুৰি গাঁৱত বিপদজনকভাৱে বাঁহৰ খুটিত চলিছে বিদ্যুত সেৱা ৷ আশ্বৰ্যজনকভাৱে চাইকেলৰ টায়াৰ কাটি সংযোগ কৰা হৈছে বিদ্যুত পৰিৱাহী তাঁৰসমূহ ৷ ফলত যিকোনো মুহুৰ্ততে সংঘটিত হ’ব পৰা ভয়ংকৰ বিপদৰ আশংকাত ভুগিছে গাঁওবাসী ৷

উল্লেখ্য যে, টাপাজুলি আৰু বালিকুৰি দুয়োখন গাঁৱৰ ৰাইজৰ বাৰাম্বাৰ দাবীৰ অন্তত এবছৰ পূৰ্বে শক্তি বিভাগে কেইটামান বিদ্যুতৰ পকী খুটা স্থাপন কৰিছিল যদিও আজিপৰ্যন্ত তাত তাঁৰ সংযোগ কৰি যোগান ধৰা হোৱা নাই বিদ্যুৎ ৷ ইয়াৰ উপৰিও জনতা বজাৰৰ কাষতে থকা উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সফৰ্মাৰটোও উন্মুক্ত অৱস্থাতে আছে ৷ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ এইসমূহ গাফিলতিৰ পিছতো নিয়মিত বিদ্যুত লাভৰ পৰা বঞ্চিত হৈ আছে গাঁওবাসী ৷ সেয়েহে অনাগত দিনসমূহত ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ পূৰ্বে এই সমস্যা সমূহৰ স্থায়ী সমাধানৰ বাবে শক্তি বিভাগক আহ্বান জনাইছে ৰাইজে ৷

লগতে পঢ়ক-৭০ গৰাকী শিশুক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব স্বাস্থ্য বিভাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.