কলগাছিয়া, 30 নৱেম্বৰঃ প্ৰাথমিক শিক্ষক সংঘই দেশৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দেশব্যাপী আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ৷ ইয়াৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্য়ৰ লগতে কলগাছিয়াতো পুৱা 10 বজাৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে শিক্ষকসকলে ৷
প্ৰাথমিক শিক্ষক সমাজৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দাবী সমূহ ভিতৰত আছে নতুন পেঞ্চন নীতি বাহাল ৰখা, সকলো ঠিকাবিত্তিক শিক্ষকৰ চাকৰি বিনা চৰ্তে নিয়মীয়াকৰণ কৰা, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক শিক্ষকক সপ্তম দৰমহা বিধি অনুসৰি প্ৰাপ্য গ্ৰেড পে' আদায় দিয়া, ছাত্র-ছাত্ৰীক ইউনিফৰ্ম যোগান দিয়া, ষষ্ঠ দৰমহা আয়োগৰ বিসংগতি দূৰ কৰি ১ জানুৱাৰী ২০১৬ ৰ পৰা সপ্তম দৰমহা আয়োগ কাৰ্যকৰী কৰা, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ২০১৯ আৰু বিদ্যালয় শিক্ষা আইন ২০১৯ ৰ শিক্ষক বিৰোধী দফাসমূহ পৰিহাৰ কৰি শিক্ষক সংগঠনৰ অংশগ্ৰহণ নিশ্চিত কৰা, শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাত অংশ লোৱাৰ বাবে বৃত্তিগত প্ৰশিক্ষণৰ প্ৰতিবন্ধকতা দূৰ কৰা আৰু অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ শীঘ্ৰেই প্ৰাদেশীকৰণ কৰা ।
এই দাবীসমূহক লৈয়ে শিক্ষক-শিক্ষয়িত্ৰীয়ে সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । স্মৰ্তব্য যে, শিক্ষক সকলৰ এই ধৰ্ণা কাৰ্যসূচীৰ ফলতেই পাঠদান বন্ধ হৈ পৰিছে ৰূপসী শিক্ষাখণ্ডৰ অধিকাংশ বিদ্যালয়ত ৷