জনীয়া, 25 জুন : কৰ'ণা মহামাৰী (Covid-19)য়ে সমগ্ৰ দেশ তথা ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ কৰ'ণাত ইতিমধ্যে লাখ লাখ লোক আক্ৰান্ত হোৱাৰ উপৰিও বহুতো লোক মৃত্যু মুখত পৰিবলগীয়া হৈছে ৷ কৰ'ণা মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ ইতিমধ্যে চৰকাৰে লকডাউনৰ লগতে 144 ধাৰা জাৰি কৰিছে ৷ ইফালে যিবোৰ অঞ্চলত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে সেই সকলোবোৰ অঞ্চলকে কণ্টেইমেন্ট জ’ন হিচাপে প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে ৷
ৰাজ্যৰ অন্যান্য জিলা সমূহৰ সমান্তৰালকৈ বৰপেটা জিলাতো ভয়ংকৰ হৈ পৰিছে ক'ভিড পৰিস্থিতি ৷ শেহতীয়াকৈ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ভাৰতীয় ষ্টেট বেংক (State Bank Of India)ৰ কলগাছিয়া শাখাৰ চাৰিজনকৈ কৰ্মচাৰী পুনৰ ক'ৰণাত আক্ৰান্ত হয় ৷ কৰ্মচাৰীকেইজন আক্ৰান্ত হোৱাত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপাংকৰ কলিতাই অনিৰ্দিষ্ট কাললৈ বেংকটোৰ কাৰ্যালয়টো কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে ।
বেংকটোৰ কাৰ্যালয়টো কন্টেইনমেণ্ট জ'ন (Containment Zone) হিচাপে ঘোষণা কৰাৰ পাছতেই গ্ৰাহক সকল এতিয়া বেংকৰ সন্মুখৰ পৰা উভতি যাবলগীয়া হৈছে ।
ইফালে বেংকটোত গ্ৰাহকসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনা, অৰুণোদয় আঁচনি, জব কাৰ্ড, বৃদ্ধপেঞ্চন আদিৰ ধনৰ লেনদেন কৰিব নোৱাৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কিন্তু হঠাতে অনিৰ্দিষ্টকাললৈ বেংকটো বন্ধ থকাৰ ঘটনাই বিপাঙত পেলাইছে গ্ৰাহক ৰাইজক । অতি শীঘ্ৰে বেংকটো খুলি দিয়াৰ ব্যৱস্থা কৰি গ্ৰাহক সকলক উপকৃত কৰিবলৈ বেংক কৰ্তৃপক্ষৰ লগতে প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ।
লগতে পঢ়ক-কাকপথাৰত সমবায় এজেন্টৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ