ETV Bharat / state

কলগাছিয়া প্ৰেছ ইউনিয়নৰ সৌজন্যত বাণিজ্য মেলা - Kalgachia Press Union

কলগাছিয়া প্ৰেছ ইউনিয়নৰ সৌজন্যত অনুষ্ঠিত কৰা বাণিজ্য মেলাৰ শুভ উদ্ভোধন । শুভ উদ্ভোধন কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে । ১০ দিনলৈ চলিব বাণিজ্য মেলা ।

কলগাছিয়া প্ৰেছ ইউনিয়নৰ সৌজন্যত বাণিজ্য মেলা

author img

By

Published : Sep 13, 2022, 7:06 AM IST

Updated : Sep 13, 2022, 7:13 AM IST

জনীয়া, 13 ছেপ্টেম্বৰ: বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ বাণিজ্যিক কেন্দ্ৰস্থল কলগাছিয়াত প্ৰেছ ইউনিয়নৰ (Kalgachia Press Union) সৌজন্যত সোমবাৰৰ পৰা আৰম্ভ হৈছে বাণিজ্য মেলা (Trade Fair) । সোমবাৰে সন্ধিয়া সাংবাদিক নাজমুল হকে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে কলগাছিয়া বাণিজ্য মেলাৰ দ্বাৰ মুকুলি কৰে ।

ইয়াৰ পিছত কলগাছিয়া প্ৰেছ ইউনিয়নৰ সভাপতি তথা সাংবাদিক শ্বহিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসে কয় যে কলগাছিয়াৰ সমাজ জীৱন, শৈক্ষিক ক্ষেত্ৰ, সামাজিক স্থিতি পূৰ্বৰ তুলনাত বহু উন্নত হৈছে ৷ সেয়ে বাণিজ্য মেলাত উন্নত ধৰণৰ ব্যৱহাৰ্য সামগ্ৰী উপলব্ধ কৰিবলৈ তেওঁ আহ্বান জনায় ।

ইয়াৰোপৰি, কলগাছিয়া ৰাজহ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকামীয়াই অতিথিৰূপে উপস্থিত থাকি শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ ভাৱে এই মেলা পৰিচালিত কৰিবলৈ আয়োজক সমিতিক আহ্বান জনায় ।

উক্ত সভাত নৱজ্যোতি মহাবিদ্যালয়ৰ (Navajyoti College) অৱসৰী অধ্যাপক ড° ছোৰমান আলী, কলেজিয়েট হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক মহীৰ উদ্দীন মোল্লা, জনীয়াৰ বিধায়কৰ প্ৰতিনিধি নজৰুল ইছলাম, কলগাছিয়া প্ৰেছ ক্লাৱৰ সম্পাদক দোস্ত হাফিজুৰ ৰহমান প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে ভাষণ প্ৰদান কৰি বাণিজ্য মেলাৰ সফলতা কামনা কৰে । উল্লেখ্য যে ২২ ছেপ্টেম্বৰলৈ চলিব এই বানিজ্য মেলা ৷

লগতে পঢ়ক: মৰাপাটৰ মূল্য বৃদ্ধি কৰাৰ আহ্বান কৃষকৰ

Last Updated : Sep 13, 2022, 7:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.