ETV Bharat / state

নতুন SOP ক লৈ কলগাছিয়াত কঠোৰ জিলা প্ৰশাসন

author img

By

Published : May 14, 2021, 8:07 AM IST

নতুন SOP বলবৎ হোৱাৰ পাচতে কঠোৰ হৈছে কলগাছিয়া আৰক্ষী। বৃহস্পতিবাৰে পুৱাৰ ভাগতে পদপথৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান 15 দিনৰ বাবে বন্ধ কৰি দিয়াৰ লগতে ৰাজপথত ঘূৰি ফুৰা লোকৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গ'ল আৰক্ষী প্ৰশাসনক।

Strict district administration in Kalgaasia for new sop
নতুন SOPকলৈ কলগাছিয়াত কঠোৰ জিলা প্ৰশাসন

জনীয়া,14 মে': ক'ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি চৰকাৰে নিৰ্ধাৰণ কৰা নতুন SOP বলবৎ হোৱাৰ পাচতে বৃহস্পতিবাৰৰ পৰা কঠোৰ হৈছে কলগাছিয়া আৰক্ষী । দিনৰ 1 বজাৰ লগে লগেই কলগাছিয়াৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ লগতে ৰাজপথত ঘূৰি ফুৰা লোকৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গ'ল আৰক্ষী প্ৰশাসনক।

কলগাছিয়াত দৈনিক ভয়াৱহভাৱে ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত বৃহস্পতিবাৰে জিলা প্ৰশাসনে স্থানীয় লোকসকলক সাৱধানতা অৱলম্বন কৰাৰ বাবে অনুৰোধ জনোৱা পৰিলক্ষিত হয় ৷ কৰ'ণা অতিমাৰীক প্ৰতিহত কৰাৰ উদ্দেশ্যে জাৰি কৰা নতুন ক'ভিড নীতি-নিয়ম পালনৰ ক্ষেত্ৰত পূৰ্বতকৈ কঠোৰ হৈ কলগাছিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগতে পদপথৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান 15 দিনৰ বাবে বন্ধ কৰি দিয়ে ।

লগতে পঢ়ক: বিহালীৰ জিনজিয়াত ভংগ ক’ভিড প্ৰট’কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.