জনীয়া, 7 জানুৱাৰী : বিগত ৪১ দিন ধৰি দিল্লীৰ সীমান্তত ধাৰাবাহিক ভাৱে চলি থকা কৃষক আন্দোলনৰ পিছতো মোদী চৰকাৰে গ্ৰহণ কৰা নতুন তিনিখন কৃষি আইন বাতিল কৰিবলৈ আজিও সন্মত হোৱা নাই ।
প্ৰায় দুকুৰি আন্দোলনকাৰীয়ে মৃত্যুবৰণ কৰাৰ পিছতো মোদী চৰকাৰে দেশৰ অন্নদাতা কৃষক সকলৰ দাবী মানি ল'বলৈ মান্তি হোৱা নাই । যাৰ ফলত সৰ্বভাৰতীয় কৃষক সংঘৰ্ষ সমন্বয় সমিতিৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে দেশজোৰা আইন অমান্য আন্দোলনৰ অংশ হিচাপে কলগাছিয়াতো চি.আই.টি.ইউ.য়ে সমদল উলিয়াই ৰাজপথ অৱৰোধ কৰে ৷ প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।