জনীয়া, ৭ মে': বিধস্ত ৰূপ লৈছে বৰপেটাৰ কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ প্ৰফেচাৰ কলনীৰ গড়কাপ্তানী পথে । এজাক বৰষুণতে একাঁঠু পানীৰে ভৰি পৰে পথটো । বিগত ৬ বছৰে এনেদৰে জৰাজীৰ্ণ অৱস্থাতে আছে পথটো ।
ফলত যাতায়াতৰ নামত হাৰাশাস্তি ভূগিবলগীয়া হৈছে অঞ্চলবাসীয়ে । বছৰত ৬ মাহ ধৰি পথটো বোকাৰে উপচি থাকে । খোজকাঢ়ি অহা-যোৱা কৰাতো এক প্ৰকাৰ কষ্টকৰ হৈ পৰে । কলগাছিয়াৰ ৰাজ্যিক পশু চিকিৎসালয়লৈ ৰাইজে এই পথেৰেই যাতায়াত কৰে ।
কিন্তু বছৰ বছৰ ধৰি পথটোৰ মেৰামতি নকৰাৰ বাবে এনেদৰে পানীয়ে বুৰাই পেলায় পথটো । বৰষুণ দি থাকিলে পথটোৰে যানবাহন চলাচলো ব্যাহত হৈ পৰে । বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও হাৰাশাস্তি ভূগিবলগীয়া হয় । সেয়ে, ৰাইজে এতিয়া এই গুৰুত্বপূৰ্ণ ৰাস্তাটো শীঘ্ৰে মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনাইছে ।