ETV Bharat / state

বৰপেটাৰ সাংসদ আব্দুল খালেকৰ জন্মভূমিত কান্দোনৰ ৰোল

author img

By

Published : Aug 28, 2021, 8:25 PM IST

আই-মানাহ নৈৰ কালৰূপী বান আৰু বিধ্বংসী খহনীয়াত জাহ গৈছে চাৰিটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ। খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷

বৰপেটাৰ সাংসদ আব্দুল খালেকৰ জন্মভূমিত কান্দোনৰ ৰোল
বৰপেটাৰ সাংসদ আব্দুল খালেকৰ জন্মভূমিত কান্দোনৰ ৰোল

জনীয়া, 28 আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাংসদ আব্দুল খালেকৰ জন্মভূমি বৰতাৰীত আই আৰু মানাহ নৈৰ প্ৰবল গৰাখহনীয়াই সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশৰ ৷

মানাহ নদীৰ বাঢ়নি পানীৰ কৱলত চকুৰ পলকতেই নৈৰ বুকুত জাহ গৈছে চাৰিটাকৈ পৰিয়ালৰ ভেটি-মাটি, ঘৰ-দুৱাৰ । যাৰ ফলত ভুক্তভোগী সকলে নদীৰ বুকুত সৰ্বস্ব হেৰুৱাই মূৰে কপালে হাত দি কান্দোনত ভাগি পৰিছে ।

লগতে পঢ়কঃ কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আক্ৰাছুৰ কলা পতাকা উৰুৱাই প্ৰতিবাদ

ইয়াৰ লগতে মানাহ নদীয়ে অভয়াপুৰীৰ পৰা জনীয়ালৈ যোৱা 2নং ৰাজ্যিক ঘাইপথৰ বৰতাৰী আৰু সন্তোষপুৰ সংযোগী দলং খনৰ প্ৰতিও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ বিগত কেইদিনৰ মানৰ পৰা গৰাখহনীয়াই অঞ্চলটোত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷

লগতে পঢ়কঃ কেলেংকাৰীত জড়িতৰ প্ৰমাণ দিলে দ'লমুখত আঁঠু ল'ব শৃংখল চলিহাই

তাৰ পিছতো জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰী, সাংসদ, বিধায়ক তথা স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

সম্প্ৰতি উপায়ন্তৰ হৈ ভুক্তভোগী জনতাই শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোক সকলক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ৷ অন্যথা চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ অসম নগালেণ্ড সীমা সমস্যা : চৰাইদেউত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.