ETV Bharat / state

বৃহস্পতিবাৰে অন্ত পৰিল একাদশ কলগাছিয়া গ্ৰন্থমেলা

author img

By

Published : Dec 31, 2021, 6:10 PM IST

একাদশ কলগাছিয়া গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত উন্মোচন কৰা হ'ল কলগাছিয়া গ্ৰন্থমেলাৰ স্মৰণিকা "কলগাছিয়া দৰ্পন"(11th Kalgachia Book Fair) । গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত সামৰণি অনুষ্ঠান আয়োজিত হয় । "কলগাছিয়া দৰ্পন" শীৰ্ষক স্মৰণিকাখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাাৰ গোস্বামীয়ে ।

Kalgachia Book Fair concluded
একাদশ কলগাছিয়া গ্ৰন্থমেলাৰ স্মৰণিকা "কলগাছিয়া দৰ্পন" উন্মোচন

জনীয়া, ৩১ ডিচেম্বৰ: ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা একাদশ কলগাছিয়া গ্ৰন্থমেলা বৃহস্পতিবাৰে অন্ত পৰে(11th Kalgachia Book Fair concluded) । গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত গ্ৰন্থমেলাৰ স্মৰণিকা "কলগাছিয়া দৰ্পন" উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাাৰ গোস্বামীয়ে(Kalgachia Darpan released in Kalgachia Book Fair) ।

গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কলকাতাৰ বিশিষ্ট সাংবাদিক বাহাৰ উদ্দিন । উক্ত অনুষ্ঠানটোত স্মৰণিকাখনৰ মুখ্য সম্পাদক ড৹ আনোৱাৰ হুছেইন, কাৰ্যবাহী সম্পাদক আতিকুৰ ৰহমান আৰু সম্পাদক জাহিদুল ইছলামে সম্পাদনা কৰা "কলগাছিয়া দৰ্পন" উন্মোচন কৰা হয় ।

কলগাছিয়া গ্ৰন্থমেলাৰ জনসমাগম দেখি অভিভূত হৈ মনোজ কুমাাৰ গোস্বামীয়ে কয় যে, এনে ধৰণৰ অনুষ্ঠানে নিশ্চিতভাৱে অসমীয়া ভাষাৰ বিকাশত সহায় কৰিব ।

লগতে তেওঁ কয় যে, গুৱাহাটী বিশ্ববিদ্যালয়ে যি কাম কৰিবলৈ সক্ষম হোৱা নাই সেই কাম কলগাছিয়াত আৰম্ভ কৰা হৈছে । ধৰ্মীয় সংখ্যালঘুসকলে মূলসুঁতিৰ লগত মিলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সেই প্ৰচেষ্টাত একাংশই বাৰে বাৰে বাধা দি আহিছে । কিন্তু ইয়াৰ বিপৰীতে কলগাছিয়াবাসীয়ে অসমীয়া ভাষাৰ চৰ্চা আৰু গ্ৰন্থ অধ্যয়নৰ ধাৰা অব্যাহত ৰাখিছে ।

এয়া এক শুভ লক্ষণ বুলি মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে । সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতেন খন্দকাৰ, সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ লগতে অভিনেত্ৰী জেৰিণা বৰুৱা, লিজা গোস্বামী আদি । নিশা সাংস্কৃতিক অনুষ্ঠানৰ সৈতে সফলভাৱে সামৰণি পৰে একাদশ কলগাছিয়া গ্ৰন্থমেলা ।

লগতে পঢ়ক:Ratna Ojha death anniversary : বৰপেটাত কলাৰত্ন ৰত্ন ওজাৰ দ্বিতীয় সংখ্যক মৃত্যু দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.