বৰপেটা, ১১ মে': সোমবাৰে নিশা দেহাৱসান ঘটে বৰপেটাৰ সাংবাদিক জুলফিকাৰ আলী আহমেদৰ । বৃক্ক ৰোগত আক্ৰান্ত সাংবাদিকগৰাকীৰ চিকিৎসাৰ বাবে যোৱা ৪ মে'ত তেওঁক আমিনগাঁওস্থিত জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ইয়াৰ পিছতে ক'ভিড পৰীক্ষা কৰোৱা হয় আৰু তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি, লোকজন মহামাৰীত আক্ৰান্ত হোৱাৰ পিছতে চিকিৎসকে কৰ'ণাৰ চিকিৎসা আৰম্ভ কৰে আৰু বৃক্ক ৰোগৰ বাবে চিকিৎসা প্ৰদান কৰাৰ পৰা বিৰত থাকে । ফলত সাংবাদিকগৰাকীৰ বৃক্ক ৰোগৰ জটিলতা বৃদ্ধি পায় আৰু স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটে ।
উপায়বিহীন হৈ সোমবাৰে নিশা পৰিয়ালৰ লোকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়ে । কিন্তু আধা বাটতে তেওঁৰ মৃত্যু হয় ৷ সাংবাদিক জুলফিকাৰ আলী আহমেদ নিউজ ডেইলী নামৰ এটা ৱেব প'ৰ্টেল আৰু আমি অসমৰ জনগণ কাকতৰ বৰপেটাৰ সংবাদদাতা আছিল ৷
তেওঁ বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থাৰ কাৰ্যালয় সম্পাদক আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান আশ্ৰয় ফাউণ্ডেছনৰ সভাপতি আছিল ৷ সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে বৰপেটাৰ সাংবাদিকসকলে ।
লগতে পঢ়ক:বৰপেটা অসামৰিক চিকিৎসালয়ত এজন কৰ'ণা ৰোগীৰ মৃত্যু