জনীয়া,18 মেঃ জনীয়াত গৰাখহনীয়াৰ তাণ্ডৱ । বাঘবৰৰ সোনাবাড়ীত বেকী নদীৰ গৰাখহনীয়াই ইতিমধ্যে অঞ্চলটোৰ খেতিপথাৰৰ লগতে ঈদগাহক ভাঙি নিছে । এই বাতৰি চ'ছিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ পিছতেই দেওবাৰে বাঘবৰৰ বিধায়ক শেৰমান আলী আহমেদে আৰ ছি ছি পৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ বাবে নদীবান্ধৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ লগতে গৰাখহনীয়াই বিধস্ত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে । উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্দিয়াৰ খণ্ড উন্নয়ন বিষয়া, বিভাগীয় অভিযন্তাৰ উপৰিও জন প্ৰতিনিধি ।
আনহাতে, খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা বাৰিষাৰ আগতে কৰিলে ৰাইজ অধিক উপকৃত হ'লহেতেন বুলি মন্তব্য কৰে স্থানীয় ৰাইজে । খহনীয়া প্ৰতিৰোধৰ নামত সংঘটিত দুৰ্নীতিৰ উচিত তদন্ত হ'ব বুলি ঘোষণা কৰে বিধায়ক গৰাকীয়ে ।
লগতে পঢ়ক-লক ডাউনত দিশহাৰা হৈ ছীপজৰী ল'লে শ্ৰমিকে