জনীয়া, 28 ছেপ্টেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া শিক্ষা খণ্ডৰ লাচাংগা প্ৰিছিনিয়ৰ মাদ্ৰাছাত সংঘটিত হৈছে এক আজৱ কাণ্ড ৷ মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক আব্দুছ ছামাদে 2017 চনৰ প্ৰশ্নকাকতেৰে অনুষ্ঠিত কৰিলে এই বৰ্ষৰ তৃতীয় শাখাৰ পৰীক্ষা ৷ ইয়াৰ পূৰ্বেও বহু দুৰ্নীতি তথা অনিয়মৰ অভিযোগ থকা প্ৰধান শিক্ষক গৰাকীৰ এই কাণ্ডই এতিয়া চকু কপালত তুলিছে স্থানীয় ৰাইজৰ ৷
তথ্য অনুসৰি আজিৰে পৰা আৰম্ভ হোৱা ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ অসমীয়া পৰীক্ষাত প্ৰধান শিক্ষক আব্দুছ ছামাদৰ নিৰ্দেশমতে 2017 চনৰ চনৰ প্ৰশ্ন কাকতৰে সম্পন্ন কৰা হয় ৷ ইয়াৰ পাছতে হুৱা-দুৱা লাগে মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ মাজত ৷ উল্লেখযোগ্য যে,প্ৰধান শিক্ষক আব্দুছ ছামাদৰ বিৰূদ্ধে ইয়াৰ আগতেও একাধিক গুৰুতৰ অভিযোগ আছে ৷ মাদ্ৰাছাখনৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিৰ্ফমৰ লগতে মধ্যাহ্ন ভোজনৰ চাউল কেলেংকাৰী পৰ্যন্ত সাঙোৰ খাইছে আব্দুছ ছামাদৰ নাম ৷
ইয়াৰ আগতেও শিক্ষকজনৰ ওপৰত স্থানীয় লোকসকলে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ আগত প্ৰমাণসহ অভিযোগ দাখিল কৰিছিল যদিও এই পৰ্যন্ত শিক্ষকজনৰ বিৰূদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ এই ক্ষেত্ৰত বৰ্তমান ৰাইজে বৰপেটা জিলা বিদ্যালয় সমূহৰ পৰিদর্শক জোস্না ৰানী বৰ্মণ তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰীক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৷