জনীয়া,১১ ফেব্ৰুৱাৰী: কলগাছিয়া মহকুমা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে জনীয়া সমষ্টিৰ চান্দমামা মডেল হস্পিতাল চৌহদত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে। হাস্পতালখনত পৰ্যাপ্ত সা-সুবিধা নথকাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে প্ৰতিবাদ সাব্য়স্ত কৰে । তেওঁলোকৰ অভিযোগ চিকিৎসক,নাৰ্ছকে ধৰি দীৰ্ঘদিন ধৰি বিভিন্ন সা-সুবিধা নাই হাস্পতালখনত । ঔষধ যোগানো পৰ্যাপ্ত পৰিমাণে নথকাৰ অভিযোগ তেওঁলোকৰ । যাৰ বাবে অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিন ধৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ।
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ স্বাস্থ্য় বিভাগৰ লগতে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিভিন্ন ভাষাৰে সমালোচনা কৰে । লগতে অতিশীঘ্ৰে হাস্পতালখনৰ সকলো সা-সুবিধা প্ৰদান কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে । ধৰ্মঘটত কৃষক মুক্তিৰ সদস্য়সকলে অতিশীঘ্ৰে কৃষক নেতা অখিল গগৈক মুকলি কৰি দিবলৈও দাবী জনায় ।
লগতে পঢ়ক:হোজাইত বাঁহেৰে হানি-খুচি পুত্ৰক হত্যা কৰিলে পিতৃয়ে