জনীয়া, 5 জানুৱাৰী : বৰপেটা জলসম্পদ সংমণ্ডলৰ এলেকাধীন চাউলউখোৱা মথাউৰিৰ মঙলবাৰে পুনৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হয়। তদুপলক্ষে জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে অসমৰ যোগান আৰু অসামৰিক দপ্তৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত থাকে ৷
সভাত উপস্থিত থাকি মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে,পুনৰ নিৰ্মাণ হ'বলগীয়া মথাউৰিটোৱে অঞ্চলটোক বহু ক্ষেত্ৰত আগুৱাই লৈ যাব। এই মথাউৰিটো পূৰ্বৰ চৰকাৰে নকৰিলে বুলিও সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে।
কৃষকে উৎপাদন কৰা কৃষিজাত সামগ্ৰী তথা পাচলিৰ দাম হ্ৰাস পোৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে,উৎপাদন বেছি হ'লে তাৰ চাহিদা কমে তাৰ কাৰণে কৃষকে উৎপাদন কৰা সামগ্ৰীৰ দাম কমিছে।
লগতে পঢ়ক: কৃষিমন্ত্ৰীৰ সমষ্টিত নাজল নাথল অৱস্থা কৃষকৰ