বৰপেটা, 27 নৱেম্বৰ : বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৰপেটাৰ ধানবন্ধা গাঁৱত ব্ৰাউন চুগাৰসহ আটক আন্তঃৰাজ্যিক ড্ৰাগছ ব্যৱসায়ী ৷ আটক ড্ৰাগছ ব্যৱসায়ী দুজন বৰপেটা ধানবন্ধা গাঁৱৰ বাবুল আহমেদ আৰু কোচবিহাৰৰ ৰেজাউল হুছেইন খণ্ডকাৰ ৷
বাবুল আহমেদৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ আৰু নিচাজাতীয় টেবলেট ৷ যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই ধানবন্ধা গাঁৱৰ নিজ গৃহৰ পৰা আটক কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী বাবুল আহমেদক ৷ বাবুল আহমেদৰ ঘৰত আশ্ৰয় লৈ থকা কোচবিহাৰৰ শীতলকুছি থানাৰ অন্তৰ্গত মধুসুদন গাঁৱৰ ৰেজাউল হুছেইন খণ্ডকাৰকো আটক কৰে আৰক্ষীয়ে ৷ ৰেজাউল হুছেইন খণ্ডকাৰে কোচবিহাৰলৈ ড্ৰাগছ সৰবৰাহৰ বাবে বাবুল আহমেদৰ ঘৰত বাহৰ পাতি আছিল ৷
ধৃত ড্ৰাগছ ব্যৱসায়ী বাবুল আহমেদে বহিঃৰাজ্যৰ পৰা ড্ৰাগছ আনি অসম, পশ্চিমবংগৰ লগতে বিভিন্ন ঠাইলৈ সৰবৰাহ কৰে ৷ ড্ৰাগছৰ পাইকাৰী ব্যৱসায়ী বাবুল আহমেদ দুটাকৈ হত্যাৰ অভিযোগতো অভিযুক্ত ৷ দীৰ্ঘদিন ধৰি পলাতক হৈ থকা বাবুল আহমেদক আজি আদালতত হাজিৰ কৰা হ'ব ৷
লগতে পঢ়ক : কুটুহাৰ ভগামূৰত একেলগে দপদপাই জ্বলিল ৫ খনকৈ চিতা