ETV Bharat / state

ইটিভিৰ বাতৰিৰ প্ৰভাৱ : জালিয়াতিৰে মাটি বিক্ৰী কৰি নিলম্বিত শিক্ষক

author img

By

Published : Jul 8, 2020, 9:50 AM IST

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। প্ৰধান শিক্ষক বাহাজ উদ্দীন আহমেদে মেধিৰটাৰী হাইস্কুলৰ নামত থকা ৭ বিঘা মাটি জালিয়াতিৰে বিক্ৰী কৰাৰ বাতৰি সম্প্ৰচাৰৰ পিছতে নিলম্বন। বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্নাৰাণী বৰ্মনৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী। আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ সমালোচনা। ইটিভি ভাৰতক ধন্যবাদ ৰাইজৰ।

জালিয়াতিৰে মাটি বিক্ৰী কৰি নিলম্বিত শিক্ষক
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

জনীয়া, 8 জুলাই :জালিয়াতিৰে মাটি বিক্ৰী কৰি নিলম্বিত হ'ল এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক ৷ বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মেধেৰটাৰী হাই স্কুলৰ প্ৰধান শিক্ষকজনে সংঘটিত কৰিলে এই কাণ্ড ৷ প্ৰধান শিক্ষক বাহাজ উদ্দীন আহমেদে বিদ্যালয়ৰ নামত থকা 7 বিঘাকৈ মাটি বিদ্যালয়খনৰে কেৰাণীজনক বিক্ৰী কৰে ৷

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

চাহাব উদ্দীনৰ ওচৰত প্ৰতি বিঘাত 1 লাখ 40 হেজাৰকৈ মুঠ 9 লাখ 80 হেজাৰ টকাত মাটিখিনি বিক্ৰী কৰিছিল প্ৰধান শিক্ষকগৰাকীয়ে। এই মাটি বিক্ৰীত সহযোগ কৰিছিল তেতিয়াৰ বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা মেধেৰটাৰী বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী জ্যোৎস্নাৰাণী বৰ্মনে।

যোৱা 24 জুনত এই জালিয়াতিৰ বাতৰি ইটিভি ভাৰতত সম্প্ৰচাৰিত হোৱাৰ পিছত 3 জুলাইত শিক্ষা বিভাগৰ GB-EST/Disp/1/2017/33-A মেম নম্বৰৰ এক নিৰ্দেশনাৰ জৰিয়তে বাহাজ উদ্দীন আহমেদক নিলম্বন কৰা হয় ৷ কিন্তু, জালিয়াতিৰ মুখ্য সহযোগী জ্যোৎস্নাৰাণী বৰ্মনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে।

ইফালে ৰাইজৰ ফালৰ পৰা বৰপেটা সদৰ থানাত 1106/2020 নম্বৰত গোচৰ ৰুজু কৰাৰ পিছতো আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ সমালোচনা কৰে। বিদ্যালয়ৰ মাটি অতি সোনকালে ঘূৰাই অনাৰ লগতে প্ৰধান শিক্ষক বাহাজ উদ্দীন আহমেদ আৰু জ্যোৎস্নাৰাণী বৰ্মনক গ্ৰেপ্তাৰৰ দাবীও উত্থাপন কৰে। ইফালে ইটিভিৰ ভাৰতৰ ভূমিকাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি বাতৰি সম্প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে মেধিৰটাৰীৰ ৰাইজে।

লগতে পঢ়ক : অসমত ব্যাপক হাৰত বৃ্দ্ধি পাইছে কোভিড-19 আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.