ETV Bharat / state

চেঙাত দুটা অবৈধ কাঠফলা মিল জব্দ - বৰপেটা ৰোড বনাঞ্চলিক বিষয়া গৌতম মহন্ত

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশৰ পাছতেই অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে বন বিভাগে । বৰপেটাতো শুকুৰবাৰে বন বিভাগে অভিযান চলাই জব্দ কৰে দুটা অবৈধ কাঠফলা মিল । বৰপেটাৰোডৰ বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ নেতৃত্বত অভিযান চলাইছিল বনকৰ্মীৰ এটা দলে ।

চেঙাত দুটা অবৈধ কাঠফলা মিল জব্দ
বৰপেটাৰ চেঙাত দুটা অবৈধ কাঠ ফলা মিল জব্দ
author img

By

Published : Jul 17, 2021, 9:35 PM IST

বৰপেটা, 17 জুলাই : বন বিভাগে সময়ে সময়ে অভিযান চলাই অহা স্বত্বেও বিভাগীয় কৰ্তৃপক্ষৰ চকুত ধূলি দি কাঠৰ অবৈধ বেহা চলাই আহিছে একাংশ অসাধু লোকে । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য(Parimal Suklabaidya)ই ৰাজ্যত অবৈধ কাঠফলা মিল থাকিব নোৱাৰিব বুলি নিৰ্দেশ দিয়াৰ পাছতেই অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে পুনৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বন বিভাগে । শুকুৰবাৰে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বৰপেটাৰ চেঙাৰ মুছলমান গাঁৱত বন বিভাগে অভিযান চলায় ৷

ৰঙিয়াৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশক্ৰমে আৰু বৰপেটাৰোডৰ বনাঞ্চলিক বিষয়া গৌতম মহন্তৰ নেতৃত্বত এই অভিযান চলোৱা হয় । এই অভিযান কালত দুটা অবৈধ কাঠফলা মিল জব্দ কৰা হয় ৷ বনকৰ্মীৰ দলে মিল দুটাৰ যন্ত্ৰ-পাতিও জব্দ কৰে ৷ অৱশ্যে বন বিভাগৰ অভিযানৰ পূৰ্বেই মিলৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীসকলে পলায়ন কৰে ।

চেঙাত দুটা অবৈধ কাঠফলা মিল জব্দ

ফলত কোনো লোককে আটক কৰিব নোৱাৰিলে বন বিভাগে ৷ বনাঞ্চলিক বিষয়া গৌতম মহন্তই জনোৱা মতে বিগত ছমাহত বৰপেটা জিলাত অবৈধভাৱে চলাই থকা ৬৯ টা অবৈধ মিল জব্দ কৰা হৈছে । শুকুৰবাৰে জব্দ কৰা মিল দুটাৰ যন্ত্ৰ-পাতি বৰপেটাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়লৈ লৈ যোৱা হয় ।

বিগত মাহত কলগাছিয়াতো অবৈধ কাঠফলা মিল জব্দ কৰিছিল বন বিভাগে । ১ লাখ টকাৰ কাঠ জব্দ কৰাৰ লগতে মিলটোত ব্যৱহৃত কাঠফলা মেচিনো জব্দ কৰিছিল বন বিভাগে । কেৱল বৰপেটাতে নহয়, এতিয়া ৰাজ্যৰ বিভিন্ন জিলাত বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীক নাকী লগাবলৈ অভিযান চলাইছে । শুকুৰবাৰে ৰঙিয়াতো বন বিভাগে অবৈধ কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলে । ৰঙিয়া মহকুমা খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে চাৰিটা কাঠফলা মিল উচ্ছেদ কৰে ৷

লগতে পঢ়ক: মৰিগাঁও ধৰ্ষণ কাণ্ড : ফৰেনচিক ৰিপ’ৰ্টত প্ৰমাণিত পাঠাৰ DNA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.