ETV Bharat / state

বৰপেটাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল - জব্দ কৰে প্ৰায় ২০০ বস্তা চোৰাং চাউল

বৰপেটাত অবৈধভাৱে চাউলৰ চোৰাং ব্যৱসায় ৷ বৃহস্পতিবাৰে নিশা আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ পাহাৰপাৰা গাঁৱৰ আলিমুদ্দিনৰ ঘৰৰ পৰা আলোপতি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২০০ বস্তা চোৰাং চাউল ৷

বৰপেটাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চোৰাং চাউল
author img

By

Published : Sep 6, 2019, 12:42 PM IST

গোৱালপাৰা, 6ছেপ্তেম্বৰঃ নামনি অসমৰ পশ্চিম কামৰূপ,গোৱালপাৰা আৰু দক্ষিণ বৰপেটাত চলিছে সুলভ মূল্যৰ চাউলৰ বৃহৎ ক'লা বজাৰ ৷ বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং চাউল ৷ বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ পাহাৰপাৰা গাঁৱৰ আলিমুদ্দিনৰ ঘৰৰ পৰা আলোপতি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২০০ বস্তা চোৰাং চাউল ৷ আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা মতে নগৰবেৰাৰ কুখ্যাত চোৰাং চাউলৰ ব্যৱসায়ী ইমাম হুছেইনে মজুত কৰি ৰাখিছিল চাউলখিনি ৷ দীৰ্ঘদিন ধৰি চোৰাং চাউলৰ ব্যৱসায়ত জড়িত ইমাম হুছেইনে PDS ৰ চাউল ক্ৰয় কৰি বস্তা সলনি কৰি পঠিয়াই শ্বিলং ,মনিপুৰ ,নাগালেণ্ড আদি বহিঃৰাজ্যলৈ । কিন্তু বুধবাৰে নিশা নগৰবেৰাত অভিযান চলাব বুলি আগতীয়া খবৰ পাই নিশাৰ অন্ধকাৰত ভূটভুটি নাৱেৰে চাউলখিনি আনি লুকুৱাই ৰাখে । অৱশেষত বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত আৰক্ষীয়ে চাউলখিনি জব্দ কৰি থানালৈ আনিবলৈ সক্ষম হয় । তথ্য অনুসৰি ইমাম হুছেইন, জাফৰ আলী, আবু শ্বামা আহমেদ, আমিনুল ইছলাম, মুছুৰুদ্দিন, আব্দুল মজিদ আদিৰ দৰে প্ৰায় 20 জন প্ৰভাৱশালী চাউল মাফিয়াই চলাই আহিছে চাউলৰ চোৰাং ব্যৱসায় ৷

Intro:Anchor : নামনি অসমৰ পশ্চিম কামৰূপ,গোৱালপাৰা আৰু দক্ষিণ বৰপেটাত চলিছে সুলভ মূল্যৰ চাউলৰ বৃহৎ কলা বজাৰ। বৃহস্পতিবাৰে দুপৰ নিশা আৰক্ষীৰ অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং চাউল। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।Body:as_gol_6sep_801_huge_pds_rice_seized_vis5+photo1+byte1_7203844.

Anchor : নামনি অসমৰ পশ্চিম কামৰূপ,গোৱালপাৰা আৰু দক্ষিণ বৰপেটাত চলিছে সুলভ মূল্যৰ চাউলৰ বৃহৎ কলা বজাৰ। বৃহস্পতিবাৰে দুপৰ নিশা আৰক্ষীৰ অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং চাউল। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

V. O : বৃহস্পতিবাৰে দুপৰ নিশা etv ভাৰত অসমৰ কেমেৰাত বন্দী চোৰাং চাউলৰ দম। এই দৃশ্য বৰপেটা জিলাৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ পাহাৰপাৰা গাঁওৰ। গাঁওখনৰ আলিমুদ্দিনৰ ঘৰৰ পৰা আলোপতি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ২০০ বস্তা চোৰাং চাউল। বৰপেটা শীৰ্ষ আৰক্ষীৰ নিৰ্দেশ মৰ্মে আলোপতি আৰক্ষীয়ে আলিমুদ্দিনৰ ঘৰত অভিযান চলাই জব্দ কৰে ২০০ বস্তা চোৰাং চাউল। আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পোৱা মতে নগৰবেৰাৰ বিখ্যাত চোৰাং চাউলৰ ব্যৱসায়ী ইমাম হুছেইনে মজুত কৰি ৰাখিছিল চাউলখিনি। তথ্য মতে জব্দ কৰা সমুদায় চাউল PDS ৰ। দীৰ্ঘদিন ধৰি চোৰাং চাউলৰ ব্যৱসায়ত জৰিত ইমাম হুছেইনে PDS ৰ চাউল ক্ৰয় কৰি বস্তা সলনি কৰি পঠিয়াই ছিলং মনিপুৰ নাগালেণ্ড আদি বহিঃৰাজ্যলৈ। কিন্তু বুধবাৰে নিশা নগৰবেৰাত অভিযান চলাব বুলি আগতীয়া খৱৰ পাই নিশাৰ অন্ধকাৰত ভূটভুটি নাৱেৰে চাউলখিনি আনি লুকুৱাই ৰাখে। অৱশেষত বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত আৰক্ষীয়ে চাউলখিনি জব্দ কৰি থানালৈ আনে।

V. O : কামৰূপ জিলাৰ নগৰবেৰা আৰু গোৱালপাৰা জিলাৰ শিমলীতোলাত দীৰ্ঘদিন ধৰি অব্যাহত আছে সুলভ মূল্যৰ চাউলৰ বৃহৎ কলা বজাৰ। অতি কমেও ২০ গৰাকী প্ৰভাৱশালী ব্যৱসায়ীয়ে চলাই আছে এই ব্যৱসায়। ইয়াৰে ইমাম হুছেইন, জাফৰ আলী, আবু শ্বামা আহমেদ, আমিনুল ইছলাম, মুছুৰুদ্দিন, আব্দুল মজিদ নামৰ চাউল মাফিয়াই কাকো কেৰেপ নকৰাকৈ চলাইছে এই বৃহৎ চোৰাং চাউলৰ বজাৰ। বৰপেটা আৰু কামৰূপ জিলা আৰক্ষীয়ে উল্লেখিত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰাৰ সাহস হবনে??

Byte : স্থানীয় ব্যক্তি ।

জাহিদুল ইছলাম, গোৱালপাৰা।Conclusion:Byte : স্থানীয় ব্যক্তি ।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.