বৰপেটা, ২২ মে়': সুৰা নিষিদ্ধ সত্ৰনগৰী বৰপেটাত সুৰাৰ অবাধ বেহা ৷ বৰপেটা আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ১ হাজাৰ লিটাৰ চুলাই ৷
এখন টেম্প'ৰে বৰপেটাৰ নগাওৰ পৰা চুলাই কঢ়িয়াই অনাৰ খবৰ লাভ কৰি বৰপেটা নগৰ আৰক্ষীয়ে মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত অভিযান চলাই চুলাই সমুহ জব্দ কৰাৰ লগতে এজন চুলাই ব্যৱসায়ীক আটক কৰে ৷
ধৃত চুলাই ব্যৱসায়ীজন দক্ষিণহাটীৰ নৱজিৎ দাস ৷ আনহাতে সুৰা সৰবৰাহত ব্যৱহৃত এএছ ১৫ চি ৭১৫৫ নম্বৰৰ অটোখনো জব্দ কৰে আৰক্ষীয়ে ৷
আবকাৰী বিভাগক মেনেজ কৰি একাংশ সুৰা ব্যৱসায়ীয়ে সত্ৰনগৰীৰ গৰিমাত আঘাত সানি বৰপেটাত অবাধে সুৰাৰ ব্যৱসায় চলাই আহিছে ৷ আৰক্ষীয়ে মাজে সময়ে বৰপেটাত চলি থকা অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ চেষ্টা চলায় যদিও এইক্ষেত্ৰত আবকাৰী বিভাগৰ নিস্কিয়তাৰ বাবে সুৰা নিষিদ্ধ চহৰ বৰপেটাত অবাধে সুৰা বিক্ৰী হৈ আহিছে ৷
এইক্ষেত্ৰত আবকাৰী বিভাগক তৎপৰ হবলৈ ৰাইজে দাবী জনাইছে ৷
লগতে পঢ়ক : আগৰতলা প্ৰেছক্লাবত টীকাকৰণ শিবিৰ