ETV Bharat / state

বৰপেটা অসামৰিক চিকিৎসালয়ত 50 টকাতে উপলব্ধ ক’ভিড ভেকচিন ! - বৰপেটা অসামৰিক চিকিৎসালয়

ক’ভিড প্ৰতিষেধক(Covid Vaccine) প্ৰদানৰ নামত এখন চিকিৎসালয়ত চলিছে চোৰাং বেহা ৷ কুপন দিলেহে প্ৰতিষেধক ল’ব পাৰিব চিকিৎসালয়খনৰ ক’ভিড কেন্দ্ৰত ৷ ক’ত আৰু কোনে চলাইছে ক’ভিড প্ৰতিষেধকৰ নামত এই চোৰাং ব্যৱসায় ? চাওক এই প্ৰতিবেদন...

covid vaccine business in barpeta
ক’ভিড প্ৰতিষেধকৰ চোৰাং বেহা
author img

By

Published : Aug 24, 2021, 1:02 PM IST

জনীয়া, 24 আগষ্ট : ৰাজ্যবাসীৰ বাবে সহজে উপলব্ধ হোৱাকৈ চৰকাৰী চিকিৎসালয়সমূহত যোগান ধৰা হৈছে ক’ভিড ভেকচিন ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷ কিন্তু একাংশ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়েই হওক বা মধ্যভোগীয়েই হওক ক’ভিড ভেকচিন বিক্ৰীৰে লুটি আহিছে মুনাফা ৷ এনে এক ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে বৰপেটা অসামৰিক চিকিৎসালয়ত ৷

কলগাছিয়াৰ অন্তৰ্গত বৰপেটা অসামৰিক চিকিৎসালয়ত(Barpeta Civil Hospital) ক’ভিড প্ৰতিষেধকৰ চোৰা বেহা চলাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, 50-100 টকা মূল্যৰ বিনিময়ত গোপনে বিক্ৰী হৈছে ক’ভিড প্ৰতিষেধক । প্ৰতিষেধক প্ৰদানৰ দায়িত্বত থকা আনিচুৰ ৰহমান নামৰ এগৰাকী শিক্ষকৰ বিৰুদ্ধে এই কাৰ্য সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক: যোৰহাট-মাজুলী সংযোগী ফেৰীত উঠিবলৈ যাত্ৰীয়ে কৰিব লাগিব Covid Test

উল্লেখ্য যে, চিকিৎসালয়খনৰ ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত সাধাৰণ লোকে দীঘলীয়া শাৰী পাতি গোটেই দিনটো অপেক্ষা কৰাৰ পিছতো লাভ নকৰে প্ৰতিষেধক ৷ তাৰ বিপৰীতে যিসকল লোকে নগদ ধনৰ বিপৰীতে ভেকচিন অথবা প্ৰতিষেধক ক্ৰয় কৰে, তেওঁলোককহে দিয়া হয় প্ৰতিষেধক ৷ ফলত ভেকচিন গ্ৰহণৰ পৰা বঞ্চিত হ’বলগীয়া হয় অধিকাংশ ৰাইজ ৷ কেন্দ্ৰটোৰ প্ৰতিষেধক প্ৰদানৰ দায়িত্বত ন্যস্ত থকা পূৱ গুণিয়ালগুৰি এম ই মাদ্ৰাছাৰ শিক্ষক আনিচুৰ ৰহমানে নিজৰ স্বাক্ষৰ সম্বলিত কুপন যোগান ধৰি আহিছে চিকিৎসালয়ৰ সন্মুখত থকা দুখনকৈ চাহৰ দোকানত ৷

ক’ভিড প্ৰতিষেধকৰ চোৰাং বেহা

জাহান উদ্দিন আৰু আশ্ৰাফুল ইছলাম নামৰ ব্যক্তি দুগৰাকীয়ে চিকিৎসালয়ত ভেকচিন গ্ৰহণ কৰিবলৈ অহা লোকক 50-100 টকা মূল্যৰ বিনিময়ত বিক্ৰী কৰে কুপন ৷ এই কুপনতে ধনৰ অংক মিলাই লোৱা বুলি আনিচুৰ ৰহমানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷ তদুপৰি চাহ দোকানী জাহান উদ্দিনে কুপন বিক্ৰীৰ কথা নিজমুখে স্বীকাৰ কৰাৰ লগতে শিক্ষকগৰাকীয়ে দৈনিক 20-30 খনকৈ কুপন বিক্ৰী কৰিবলৈ দিয়া বুলি ঘটনা সন্দৰ্ভত অনুসন্ধান কৰা সাংবাদিকৰ আগত স্বীকাৰ কৰে ৷

বিগত সময়চোৱাৰ পৰা বৰপেটা অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰতিষেধক প্ৰদানৰ নামত চলি অহা এনে অবৈধ ব্যৱসায়ৰ ঘটনাক ধিক্কাৰ জনাইছে ৰাইজে ৷ সমগ্ৰ ঘটনাৰ কথা জনাৰ পিছত এইদৰে প্ৰতিষেধক বিক্ৰী কৰা অহা দুষ্টচক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে চিকিৎসালয়ৰ অধীক্ষক ডাঃ চামচুল আলমে ৷ উল্লেখ্য যে, একাংশ অসাধু ব্যৱসায়ীৰ লগতে দুষ্টচক্ৰই প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ চকুত ধূলি মাৰি চলাই আহিছে ক’ভিড ভেকচিনৰ ব্যৱসায় ৷

লগতে পঢ়ক: ৰূপহীহাটত আৰক্ষীৰ জালত পিষ্টলসহ দুৰ্ধষ ডকাইত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.