ETV Bharat / state

আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দ্বাৰা হাউলীত বান সাহাৰ্য বিতৰণ

author img

By

Published : Aug 5, 2020, 12:51 AM IST

মহামাৰী কৰ'ণা আৰু লকডাউনৰ সমান্তৰালভাৱে বানে সৃষ্টি কৰা ভয়াৱহ সমস্যাৰ মাজত থাউনি হেৰুওৱা দুখীয়া পৰিয়ালসমুহক সহায়ৰ বাবে আগবাঢ়ি আহিছে আইআইটি গুৱাহাটীৰ গৱেষক ছাত্ৰ ছাত্ৰীসকল ৷

আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দ্বাৰা হাউলীত বান সাহাৰ্য বিতৰণ
আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দ্বাৰা হাউলীত বান সাহাৰ্য বিতৰণ

বৰপেটা, 5 আগষ্ট : বানে ঢাহি-মুহি নিছে ৰাজ্য ৷ প্ৰলয়ংকৰী বানৰ কৱলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যবাসী ৷ মহামাৰী কৰ'ণা আৰু লকডাউনৰ সমান্তৰালভাৱে বানে সৃষ্টি কৰা ভয়াৱহ সমস্যাৰ মাজত থাউনি হেৰুওৱা দুখীয়া পৰিয়ালসমুহক সহায়ৰ বাবে আগবাঢ়ি আহিছে আইআইটি গুৱাহাটীৰ গৱেষক ছাত্ৰ ছাত্ৰীসকল ৷

সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীসকলে মঙলবাৰে বৰপেটাৰ হাউলী অঞ্চলত উপস্থিত হৈ হাউলীৰ জইন বজাৰৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত বান সাহাৰ্য বিতৰণ কৰে ৷ বানত দূৰ্গত লোকসকলৰ প্ৰতি সহায়ৰ উদ্দেশ্যে বৰপেটাত উপস্থিত হোৱা আইআইটি গুৱাহাটীৰ শিক্ষাৰ্থীৰ দলটোৱে মৰিগাও,কামৰূপ গ্ৰাম্য,নলবাৰী,বাক্সা আদি জিলাসমূহতো পৰ্যায়ক্ৰমে সাহাৰ্য সামগ্ৰী বিতৰণ কৰিব ৷

লগতে পঢ়ক : স্বাধীনতা দিৱস উপলক্ষে চিৰাং জিলা প্ৰশাসনৰ বিশেষ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.