ETV Bharat / state

নিকিতা সৰকাৰৰ হত্যাকাৰীক ফাঁচীৰ দাবীত আক্ৰাছুৰ তিনিঘণ্টীয়া অনশন - দণ্ডাধীশ পৰ্যায়ৰ ন্যায়িক তদন্ত

বাক্সাৰ জাখলিৰপাৰৰ কণমানি শিশু নিকিতা সৰকাৰৰ হত্যাকাৰীক ফাঁচীৰ দাবীত মঙলবাৰে আক্ৰাছুৱে তিনিঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আক্ৰাছুৰ বাক্সা জিলা সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত জাখলিৰপাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এই বৰ্বৰ হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰি ঘটনাৰ ন্যায়িক তদন্তৰ দাবী তোলে সংগঠনটোৱে ৷

hunger-strike-by-aakrasu-for-demand-execution-of-nikita-sarkars-killer
নিকিতা সৰকাৰৰ হত্যাকাৰীক ফাঁচীৰ দাবীত আক্ৰাছুৰ তিনিঘণ্টীয়া অন্নশন
author img

By

Published : Nov 10, 2020, 6:17 PM IST

Updated : Nov 10, 2020, 7:05 PM IST

বৰপেটাৰোড,10নৱেম্বৰঃ বাক্সাৰ জাখলিৰপাৰৰ কণমানি শিশু নিকিতা সৰকাৰৰ হত্যাকাৰীক ফাঁচীৰ দাবীত মঙলবাৰে আক্ৰাছুৱে তিনিঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আক্ৰাছুৰ বাক্সা জিলা সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত জাখলিৰপাৰত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এই বৰ্বৰ হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰি ঘটনাৰ ন্যায়িক তদন্তৰ দাবী তোলে সংগঠনটোৱে ৷

ইপিনে, এই নিৰ্মম ঘটনাক ৰাষ্ট্ৰীয় শিশু আৰু নাৰী সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰি অপৰাধীক চৰম শাস্তি দিয়া, ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ ন্যায়িক তদন্ত কৰা, ভুক্তভোগী পৰিয়ালক এককালীন আর্থিক সাহাৰ্য প্রদান কৰা আদিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷ আনহাতে ইয়াৰ প্ৰতিলিপি বাক্সা জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, শিশু আৰু নাৰী সুৰক্ষা সঞ্চালক আৰু মানৱ অধিকাৰ আয়োগলৈ প্রেৰণ কৰে সংগঠনটোৱে ৷

উল্লেখ্য যে, 5নৱেম্বৰত জাখলীৰপাৰস্থিত এটা ঘৰত ভাড়াতীয়া হিচাপে থকা ৰূপব্রত(বিটু) বর্মন আৰু তেওঁৰ পত্নী বুল্টি বর্মনৰ কোঠালীৰ বিছনাৰ তলৰ পৰা লুকুৱাই ৰখা অৱস্থাত নিৰুদ্দিষ্ট নিকিতা সৰকাৰৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ তদুপৰি এই বৰ্বৰ ঘটনা সংক্রান্তত নিকিতা সৰকাৰৰ পিতৃ খগেন সৰকাৰে হত্যাকাৰী ৰূপব্রত বর্মন আৰু বুল্টি বৰ্মনৰ ওপৰত হত্যাৰ অভিযোগ উত্থাপন কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত বাক্সা আৰক্ষীয়ে ৰূপব্ৰত বৰ্মন ওৰফে বিটুক গুৱাহাটীৰ পৰা সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৷ বৰ্তমানেও আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্য়াহত ৰাখিছে ৷

লগতে পঢ়কঃ পৰ্যটকৰ বাবে মুকলি হ'ল পবিতৰা

Last Updated : Nov 10, 2020, 7:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.