ETV Bharat / state

গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ছাত্ৰ ছাত্ৰীৰ লগতে সোণাপুৰবাসীৰ মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Aug 17, 2022, 8:15 PM IST

মুখ্যমন্ত্ৰী মামা আমাৰ বিদ্যালয়খন ৰক্ষা কৰক । এই কাতৰ আহ্বান সোনাপুৰ গাঁৱৰ হাজী কৈফৎ আলী মেমৰিয়েল এম ই স্কুলৰ এগৰাকী ছাত্ৰীৰ (Erosion in Baghbor) ৷

Protest in Sonapur demanding prevention of erosion
গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত সোণাপুৰত মানৱ শৃংখল কাৰ্যসূচী

জনীয়া, 17 আগষ্ট: বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই আহিছে অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam)৷ বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ধাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion hits riverside people in Assam)৷ নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷

উল্লেখ্য যে, বিগত এটা মাহত বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সোনাপুৰ গাঁৱত বেঁকী নৈৰ খহনীয়াই ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি ৷ সোনাপুৰ গাঁৱৰ প্ৰায় ৩০ টা পৰিয়ালৰ ঘৰ-বাৰী বেঁকী নৈৰ বুকুত জাহ গৈছে ৷ লগতে সম্প্ৰতি হাজী কৈফৎ আলী মেমৰিয়েল এম ই স্কুলখন বেঁকী নৈৰ খহনীয়াৰ ফলত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । যিকোনো সময়ত খহনীয়াত জাহ যাব পাৰে এই স্কুলখন (Erosion in Baghbor)৷

ফলত উক্ত স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আজি সোনাপুৰৰ ৰাইজ, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাইজৰ দলৰ সহযোগত বেঁকী নৈৰ পাৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest in Sonapur)। প্ৰতিবাদকাৰীসকলে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, সোনাপুৰ গাঁৱক ৰক্ষা কৰক, আমাৰ বিদ্যালয় ৰক্ষা কৰিব লাগিব আদি শ্লো-গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

অসম চৰকাৰৰ জল সম্পদ বিভাগ, বৰপেটা জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কক নৈপৰীয়া সোনাপুৰত হৈ থকা গৰাখহনীয়া শীঘ্ৰেই প্ৰতিৰোধ কৰাৰ লগতে খহনীয়াত জাহ যোৱা পৰিয়ালকেইটাক পুনৰ সংস্থাপনৰ বাবেও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: দ্ৰোপাং নৈৰ খহনীয়া ৰোধত নামিল ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.