বৰপেটা, 2 আগষ্ট : বৰপেটা জিলাৰ বহৰিৰ তাৰাবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিৱেশ সৃষ্টি ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ ছাত্ৰ-ছাত্ৰীৰ মাজত অব্যাহত আছে অসন্তুষ্টি ৷ উত্তেজিত একাংশ ছাত্ৰই ভাঙি চুৰমাৰ কৰিলে বিদ্যালয়ৰ খিৰিকী ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীসহ বিদ্যালয়খনত উপস্থিত হয় চেঙাৰ ৰাজহ চক্ৰ বিষয়া প্ৰাণজিৎ কুমাৰ দেৱ ৷
চক্ৰ বিষয়াগৰাকীয়ে আৰক্ষীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ মূলতঃ পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলে ভাঙি চুৰমাৰ কৰে বিদ্যালয় গৃহৰ আচবাব ৷ জানিব পৰা মতে, বিদ্যালয়খনৰ পৰা HSLC পৰীক্ষাত অৱতীৰ্ণ হোৱা 83 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 63 গৰাকী উত্তীৰ্ণ হোৱাৰ বিপৰীতে 20 গৰাকী পৰীক্ষাৰ্থী অনুত্তীৰ্ণ হৈছিল ৷ আনহাতে HSSLC ৰ 90 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 80 গৰাকী উত্তীৰ্ণ হৈছিল ৷
লগতে চাওকঃ HSLC ৰ ফলাফল : ছয়গাঁৱত প্ৰধান শিক্ষয়ত্ৰীৰ বাসগৃহ ঘেৰাও
ইপিনে চক্ৰ বিষয়াক একাংশ পৰীক্ষাৰ্থীয়ে অভিযোগ কৰা অনুসৰি একাংশ শিক্ষকে তেওঁলোকৰ ওচৰত টিউচন নকৰাৰ বাবে পৰীক্ষাৰ্থীক ভাবুকি দিয়া, পৰীক্ষাৰ বাবে টকা দাবী কৰাৰ লগতে কম নম্বৰ লাভ কৰা পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱা আদিৰ বিষয়ৰ বিৰুদ্ধে কেতবোৰ দাবী উত্থাপন কৰে ৷ চৰকাৰে অনুষ্ঠিত কৰিবলৈ লোৱা বিশেষ পৰীক্ষাৰ সুবিধা গ্ৰহণ কৰিবলৈ আৰু অনলাইনযোগে নামভৰ্তি কৰিবলৈ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷ ঘটনা সংক্ৰান্তত বহৰিস্থিত তাৰাবাৰী আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলে ফলাফলৰ বাবে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে ঘোষণা কৰা হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল ৷ মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ বিশেষ নিয়মাৱলীৰ মাজেৰে ঘোষণা কৰা 2020 -2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷
লগতে পঢ়ক: HSLC ৰ ফলাফল: সিপৰিয়া হাইস্কুলত অভিভাৱকৰ প্ৰতিবাদ