ETV Bharat / state

Lock Down : কি হ'ব বাছ মালিক সন্থাৰ ?

কাল কৰ'ণাৰ কৰাল গ্ৰাসত বাছ চালক তথা হেণ্ডিমেন সকল ৷ আন্তঃজিলা যাতায়াত সেৱা বন্ধ হৈ যোৱাৰ ফলত পানীত হাহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে বাছ মালিক কৰ্তৃপক্ষৰ লগতে কৰ্মচাৰী সকলৰ ৷

Howls of bus owners association Due To Lockdown
কি হ'ব বাছ মালিক সন্থাৰ ?
author img

By

Published : Jul 12, 2021, 9:03 PM IST

পাঠশালা, 12 জুলাই : ৰাজ্যজুৰি অব্যাহত আছে ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ৷ এই ভয়াৱহ সংক্ৰমণে জুৰুলা কৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজক ৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাৰেই ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সৰু-বৰ বাহনৰ চালক তথা মালিক কৰ্তৃপক্ষও জুৰুলা হৈ পৰিছে ক’ভিডৰ কৰাল গ্ৰাসত ৷ ক’ভিডে দুৰ্যোগ নমাই আনিছে বাছ মালিক কৰ্তৃপক্ষলৈও ৷ বিগত দুটা বছৰৰ অধিক সময় ধৰি বন্ধ হৈ আছে আন্তঃজিলা বাছ পৰিবহন ৷ যাৰ ফলত হতাশাত ভুগিবলগীয়া হৈছে বাছ মালিক কৰ্তৃপক্ষৰ লগতে কৰ্মচাৰী সকল ৷

বৰপেটা জিলাৰ বজালীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাছ মালিক সন্থাৰ লগতে বাছ চালক তথা হেণ্ডিমেন সকলৰ ৷ কাৰণ দুটাকৈ বছৰৰ বেছিভাগ সময়েই পৰি ৰৈছে ৰাজপথত ৷ বজালী অঞ্চলৰ বহু নিবনুৱা যুৱকে আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ লক্ষ্য উদ্দেশ্যৰে বেংকৰ পৰা ঋণ লৈ কোনো লোক বাছ ক্ৰয় কৰিছিল ৷ আন কোনোৱে আকৌ দুই একোখন সৰু-বৰ বাহন ক্ৰয় কৰিছিল ৷

ক’ভিড মহামাৰীৰ বাবে ৰাজ্য চৰকাৰে বন্ধ ঘোষণা কৰিলে আন্তঃজিলা যাতায়ত । আন্তঃজিলা বন্ধ হোৱাৰ ফলত যাতায়ত ব্যৱস্থা স্তব্ধ হৈ পৰাত এখন জিলাৰ পৰা আন এখন জিলালৈ যাতায়ত ব্যৱস্থাও বন্ধ হয় । ফলত জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰে সাধাৰণ ৰাইজৰ ৷ ঠিক একেই অৱস্থা সৃষ্টি হয় বাছ মালিক, চালকৰ লগতে হেণ্ডিমেন সকলৰো ৷

কি হ'ব বাছ মালিক সন্থাৰ ?

দীৰ্ঘ দিন ধৰি আন্ত জিলা যাতায়াত সেৱা বন্ধ হোৱাত চলাব পৰা নাই বাছ ৷ বাছ চলাচল বন্ধ হোৱাত বাছ মালিক সকলে আদায় দিব পৰা নাই ঋণৰ কিস্তি ৷ তদুপৰি বাছ সমূহ এনেকৈ বন্ধ হৈ আছে যদিও বাছৰ মালিকে ভৰি থাকিবলগীয়া হৈছে বীমাৰ ধন ৷ তাৰোপৰি একোখন বাছৰ বীমা নামত মালিক সকলে মাহিলী 60 ৰ পৰা 70 হেজাৰ টকা ভৰিব লগীয়া হোৱাৰ লগতে চৰকাৰক দিবলগীয়া হয় ৰোড পাৰ্মিত আৰু ফিটনেছ চাৰ্টিফিকেট ।

এই কৰ সমূহ ৰেহাই দিবলৈ চৰকাৰক বহুবাৰ আবেদন-নিবেদন কৰিও কোনো সুফল নাপালে বুলি অভিযোগ কৰে বাছ মালিক কৰ্তৃপক্ষই ৷ অতি শীঘ্ৰে বাছ মালিক তথা কৰ্মচাৰী সকলৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা পৰিবহন বিভাগক আহ্বান জনাইছে ৷

লগতে পঢ়ক-দুদিনৰ বাবে গোলাঘাটত ঘোষণা সম্পূৰ্ণ লকডাউন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.