ETV Bharat / state

বামুণটাৰীত ১০০ টকা দিলেহে যাব পাৰে গধুৰ বাহন

author img

By

Published : Aug 26, 2022, 12:53 PM IST

হাজো দৌলাশাল হৈ আমিনগাঁৱলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথত গধুৰ যান-বাহনৰ চলাচল বন্ধ হৈ আছে (Heavy vehicle movement restricted)। প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো ধন লৈ বাহন যাবলৈ দিয়াৰ অভিযোগ গৃহৰক্ষী জোৱানৰ বিৰুদ্ধে । অভিযোগ নস্যাৎ গৃহৰক্ষী জোৱানৰ ।

Home guards illegally take money
বামুণটাৰীত ১০০ টকা দিলে যাব পাৰে গধুৰ বাহন

কলগাছিয়া,২৬ আগষ্ট : অসমত আছে এখন অঘোষিত টোলগেট । টোলগেটখনৰে বাহন পাৰ হৈ গ'লেই দিব লাগে ১০০ টকা । টোলগেটৰ দায়িত্বত আছে গৃহৰক্ষী জোৱান । হয়টো আপুনিও চিন্তা কৰিছে এই অঘোষিত টোলগেট আকৌ কি ?

আচলতে অভয়াপুৰীৰ পৰা হাজো দৌলাশাল হৈ আমিনগাঁৱলৈ যোৱা ২ নং বিকল্প ৰাজ্যিক ঘাইপথটো শেহতীয়াকৈ গৰাখহনীয়াৰ কৱলত পৰিছিল (Erosion effects Hajo Amingaon road)। ইতিমধ্যে পথটোৰ বহু অংশ নৈৰ বুকুত জাহ গৈছে । যাৰ বাবে বৰপেটা জিলা প্ৰশাসনে পথটোৰে গধুৰ যান-বাহনৰ চলাচলত বাধা আৰোপ কৰিছে (Administration bans movement of heavy vehicles)। ঠায়ে ঠায়ে পথ বন্ধৰ ফলকো লগোৱা হৈছে ।

বামুণটাৰীত ১০০ টকা দিলেহে যাব পাৰে গধুৰ বাহন

পথটোৰ কৰাৰকুৰ আৰু বামুণটাৰী অংশত যান-বাহনৰ চলাচল নিৰীক্ষণ কৰিবলৈ গাঁওৰক্ষী বাহিনীৰ সহযোগত বালিকুৰী পহৰা আৰক্ষী চকীৰ আৰক্ষী আৰু গৃহৰক্ষী জোৱানক দায়িত্ব দিয়া হৈছে । কিন্তু আপুনি শুনি আচৰিত হ'ব যে খাকী পোছাকত থকা একাংশ ৰক্ষকেই এতিয়া ভক্ষকৰ ৰূপ লোৱাৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো ধন লৈ গধুৰ যান-বাহন চলাচলত অনুমতি দিয়ে একাংশ খাকী পোছাকধাৰীয়ে (Home guards illegally take money from vehicles)।

এই ক্ষেত্ৰত বালিকুৰী আৰক্ষী চকীৰ গৃহৰক্ষী জোৱান আব্দুল কালামে ধন লোৱাৰ গুৰুতৰ অভিযোগ উঠিছে । আনকি গৃহৰক্ষী জোৱানৰ কৰ্মকাণ্ড পোহৰলৈ আনিবলৈ এজন চালকে গোপনভাৱে ভিডিঅ' প্ৰস্তুত কৰিছে । সেই ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে এতিয়া বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে (Assam Home guards viral video)।

কিন্তু এই ক্ষেত্ৰত কিয় নীৰৱ কলগাছিয়াৰ স্থানীয় প্ৰশাসনৰ লগতে বৰপেটা জিলা প্ৰশাসন । ধন লৈ গধুৰ যান-বাহন চলাচল কৰিব দিয়া সন্দৰ্ভত পূৰ্বেও বহু বাতৰি সম্প্ৰচাৰ কৰা হৈছে যদিও এতিয়ালৈ কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে ।

ইফালে এই সমগ্ৰ অভিযোগ কিন্তু নস্যাৎ কৰিছে কৰ্মত নিয়োজিত এগৰাকী গৃহৰক্ষী জোৱানে । তেওঁলোকে কোনো গধুৰ বাহনকে যাবলৈ দিয়া নাই । বৰঞ্চ তাত আৰক্ষীৰ সংখ্যা সীমিত বাবে তেওঁলোকৰ জীৱনৰ প্ৰতিহে ভাবুকি আহিছে বুলি অভিযোগ কৰে গৃহৰক্ষী জোৱানগৰাকীয়ে ।

লগতে পঢ়ক :হাতীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.