ETV Bharat / state

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লাভলীনালৈ শুভকামনা

author img

By

Published : Aug 4, 2021, 2:39 PM IST

সৰভোগত দেৱালে-দেৱালে লাভলীনাৰ ছবি অংকন কৰি লাভলীনালৈ শুভকামনা ৷ চিত্ৰ শিল্পীৰ হতুৱাই লাভলীনাৰ চিত্ৰ অংকন কৰি শ্ৰদ্ধা জনালে সৰভোগৰ প্ৰতিষ্ঠিত ব্যৱসায়ী এগৰাকীয়ে ৷

homage to lovlina At Sarbhog, Barpeta District
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লাভলীনালৈ শুভকামনা

জনীয়া, 4 আগষ্ট : টকিঅ' অলিম্পিক (Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহাই (Lovlina Borgohain)য়ে ব্ৰঞ্জ (Bronzeৰ পদক নিশ্চিত কৰে ৷ ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতে গোটেই অসমৰ লগতে বৰপেটাৰ সৰভোগ বাসীয়ে আনন্দত আত্মহাৰা হৈ পৰিছে । খেলুৱৈ গৰাকীৰ সোণৰ পদক লাভ কৰাৰ কামনা আৰু তেওঁৰ প্ৰতি উৎসাহ-প্ৰেৰণা তথা আশীৰ্বাদ দিয়াৰ অৰ্থে ৰাজ্যজুৰি বন্তি প্ৰজ্বলন, সামূহিক প্ৰাৰ্থনা কৰিছিল লাভলীনাৰ শুভাকাংক্ষী সকলে ৷

সমান্তৰালকৈ সৰভোগৰ প্ৰতিষ্ঠিত ব্যৱসায়ী খন্দকাৰ জামিনুৰ ৰহমানেও ল’লে এক বিশেষ পদক্ষেপ ৷ গাঁঠিৰ ধন খৰচ কৰি খেলুৱৈ গৰাকীৰ সফলতাৰ কামনাৰে চিত্ৰ শিল্পীৰ হতুৱাই দেৱালে-দেৱালে অংকন কৰোৱালে লাভলীনাৰ ছবি । এই ছবি অংকনৰ মাধ্যমত খেলুৱৈ গৰাকীক সন্মান জনোৱাৰ লগতে যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত আৰু উৎসাহিত কৰিবলৈ এক প্ৰয়াস কৰা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ।

সমগ্ৰ ৰাজ্যতেই বুধবাৰে ছেমিফাইনেলত লাভলীনাৰ জয়ৰ বাবে প্ৰাৰ্থনা কৰে । সকলোৰে আশা, অসম কন্যা লাভলীনাই ছেমী ফাইনেলত জয়ী হ'ব ৷ শক্তিশালী প্ৰদৰ্শনেৰে বিপৰীত পক্ষক পৰাভূত কৰি চুড়ান্ত খেলত অৱতীৰ্ণ হব। আজুৰি আনিব সোণৰ পদক ।

কিন্তু তুৰ্কীৰ বাছেনাচ চাৰ্মেনিল (Busenaz Surmeneli)ৰ হাতত 5-0 ত পৰাস্ত হয় লাভলীনা বৰগোঁহাই ৷ যদিও ব্ৰঞ্জৰ পদকৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় লাভলীনাই ৷ অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া লাভলীনা ৷

লগতে পঢ়ক - স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.