ETV Bharat / state

স্বামীহাৰা মহিলাক মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘হবদে মা মই চাই দিম দে’’ - বৰপেটা মেডিকেল কলেজ হাস্পতালত মুখ্যমন্ত্ৰীৰ মানৱীয়তা

বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ স্বামীহাৰা এগৰাকী দুৰ্ভগীয়া মহিলাক সান্ত্বনা দিলে 'হবদে মা মই চাই দিম দে'।

HIMANTA AT BARPETA
বৰপেটা মেডিকেল কলেজ হাস্পতালত মুখ্যমন্ত্ৰীৰ মানৱীয়তা
author img

By

Published : May 20, 2021, 7:21 PM IST

বৰপেটা,২০ মে': মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিচত বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমতে গ্ৰীণ জ'নলৈ গৈ ক'ভিড ৱাৰ্ডত চিকিৎসাধীন ৰোগী সকলৰ বুজ লয় ৷

ইয়াৰ পিছতে জিলাখনৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত জিলা উপায়ুক্ত টি পি ভূষাল, মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত বৰপেটা, চেঙা, জনীয়া, সৰভোগ আৰু সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়কসকলো উপস্থিত থাকে ৷

ইফালে মুখ্যমন্ত্ৰীগৰাকী হাস্পতালত উপস্থিত হোৱাৰ পিছতে এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যায় হাস্পতালখনত । স্বামীক হেৰুৱাই হাস্পতালৰ বাহিৰত কান্দি থকা এগৰাকী অসহায় মহিলাক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মানৱীয়তাৰ ভংগীৰে মহিলাগৰাকীক সান্ত্বনা দিয়াও দেখা গ'ল । মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ভগীয়া মহিলাগৰাকীক উদ্দেশ্যি ক'লে,"হবদে মা মই চাই দিম দে"।

উল্লেখ্য যে বৰপেটা মেডিকেল কলেজ হাস্পতালত ৬৬ গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ বৰপেটা জিলাত মুঠ ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২২০৮ টা ৷

লগতে পঢ়ক:ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.