ETV Bharat / state

All For Love: বৰপেটাত প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰতিবাদ অসহায় যুৱতীৰ

বৰপেটাৰ বেছিমাৰী গাঁৱত উত্তেজনাময় পৰিৱেশ । প্ৰৱঞ্চক প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰতিবাদ এগৰাকী যুৱতীৰ (girl protest against boy friend at Barpeta)। প্ৰেমিক আৰু পৰিয়ালে যুৱতীগৰাকীক বিয়া পতাৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ ।

Kalgachia
বৰপেটাত প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰতিবাদ অসহায় যুৱতীৰ
author img

By

Published : Dec 1, 2021, 7:20 PM IST

জনীয়া,১ ডিচেম্বৰ : বৰপেটাৰ কলগাছিয়াত হুলস্থূলীয়া পৰিৱেশ । এগৰাকী যুৱতীয়ে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰেমিকৰ ঘৰৰ সন্মুখত (girl protest against boy friend at Barpeta) । বিয়া পতাৰ নামত প্ৰেমিক ছাইফুল ইছলাম আৰু তেওঁৰ পৰিয়ালে প্ৰতাৰণা কৰাৰ অভিযোগ যুৱতীগৰাকীৰ । এই ঘটনা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰী গাঁৱৰ ।

Barpeta
বৰপেটাত প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰতিবাদ অসহায় যুৱতীৰ

যুৱতীগৰাকীৰ অভিযোগ অনুসৰি গাঁওখনৰ আবুল হুছেইনৰ পুত্ৰ ছাইফুল ইছলামৰ লগত ৭ মাহ পূৰ্বৰে পৰা যুৱতী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল । ছাইফুল ইছলামে নানা প্ৰলোভনেৰে যুৱতী গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্কও স্থাপন কৰিছিল । পাছত প্ৰেমিক ছাইফুল ইছলামে যুৱতী গৰাকীৰ লগত প্ৰতাৰণা কৰাত ছাইফুল ইছলামৰ ঘৰত উপস্থিত হৈছিল যুৱতী গৰাকী । তেতিয়া প্ৰেমিক ছাইফুল ইছলামৰ পিতৃ আবুল হুছেইনে নিজ পুত্ৰৰ সৈতে বিয়া পাতি দিব বুলি নটাৰীযোগে কৰা বিবাহপূৰ্ব চুক্তি মৰ্মে যুৱতী গৰাকীক পৰিয়ালক গতাই দিছিল ।

All For Love: বৰপেটাত প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰতিবাদ অসহায় যুৱতীৰ

কিন্তু যোৱা ৩০ অক্টোবৰত এই চুক্তিৰ সময়সীমা উকলি যোৱাত মঙলবাৰে দিনৰ ২ বজাত পুনৰ যুৱতী গৰাকীয়ে ন্যায় বিচাৰি ছাইফুল ইছলামৰ ঘৰত উপস্থিত হয় । কিন্তু যুৱতীগৰাকীক ছাইফুল ইছলামৰ পৰিয়ালৰ লোকে শাৰীৰিকভাৱে অপদস্ত কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ তুলিছে যুৱতীগৰাকীয়ে ।

ইফালে এই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰাত ছাইফুল ইছলামৰ আত্মীয় আবুল কাশেম নামৰ লোকজনে অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । কলগাছিয়া আৰক্ষী থানা(Kalgachia police station)ত সাংবাদিকৰ দলটোৱে আবুল কাশেম আৰু আবুল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক :New Vehicle Rules and Fine in Guwahati: দুচকীয়া বাহনত আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.