ETV Bharat / state

কলগাছিয়াৰ দুই আৰ্থিকভাৱে দুৰ্বল কিশোৰ-কিশোৰীয়ে পালে সহায়ৰ হাত

author img

By

Published : Jun 24, 2020, 12:42 PM IST

Updated : Jun 24, 2020, 4:36 PM IST

কণমানি সাহায়ৰ হাত লাভ কৰিলে কলগাছিয়াৰ খাৰবাল্লী চৰৰ হামিদুল ইছলাম আৰু ছামচুন নেহাৰে ৷ ছ'চিয়েল মিডিয়াত তেওঁলোকৰ জীৱন সংগ্ৰাম ভাইৰেল হৈ পৰাৰ পিচতে, বুধবাৰে তেওঁলোকৰ কাষ চাপে ভিন্ন দল-সংগঠনৰ লোক ৷

helping hand to the two poor child of kalgachia

জনিয়া, 24 জুনঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দুগৰাকী কিশোৰ-কিশোৰী ৷ দৰিদ্ৰতাই তেওঁলোকক ইমানেই জুৰুলা কৰিছে যে, কণমানি বয়সতে শিক্ষা আধৰুৱা কৰি নামি পৰিছে জীৱন সংগ্ৰামত ৷ দুয়োগৰাকী কলগাছিয়াৰ খাৰবাল্লী চৰৰ দুটা ভিন্ন পৰিয়ালৰ ৷ কলগাছিয়াৰ কে আই কে মেম'ৰিয়েল হাই মাদ্ৰাছাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ হামিদুল ইছলামে দৰিদ্ৰতাৰ বাবে উপস্থিত থাকিব নোৱাৰে নিয়মীয়া শ্ৰেণীত ৷ কিয়নো বিষেশভাৱে সক্ষম পিতৃ আৰু দিন হাজিৰা কৰি ভাতমুঠি যোগাৰ কৰা মাতৃয়ে, ছাত্ৰজনক দিব নোৱাৰে বিদ্যালয়লৈ যাবলৈ প্ৰয়োজন হোৱা ন্যূনতম নাৱৰ খৰচ ৷ যাৰ বাবে মাজে সময়ে বিদ্যালয়লৈ নগৈ শিশু শ্ৰমিক হিচাপে কাম কৰে অসহায় হামিদুলে ৷

কলগাছিয়াৰ দুই আৰ্থিকভাৱে দুৰ্বল কিশোৰ-কিশোৰীয়ে পালে সহায়ৰ হাত

আনহাতে একেটা অঞ্চলৰে ছামচুন নেহাৰ নামৰ কিশোৰী গৰাকীও আৰ্থিক অনাটনৰ বাবে বঞ্চিত হৈ আছে শিক্ষা গ্ৰহণৰ পৰা ৷ কিশোৰীগৰাকীৰ পিতৃৰ মৃত্যুৰ পিচৰে পৰাই অভাৱে জুৰুলা কৰিছে পৰিয়ালটোক ৷ যাৰ বাবে কিশোৰীগৰাকীৰ লগতে তাইৰ কণমানি ভাতৃও বঞ্চিত শিক্ষা গ্ৰহণৰ পৰা ৷ এই দুয়োটা পৰিয়ালৰে কৰুণ গাথা ছ'চিয়েল মিডিয়াত বিয়পি পৰাৰ পিচতে, তেওঁলোকক সহায়ৰ বাবে বুধবাৰে তেওঁলোকৰ কাষত উপস্থিত হৈছে এ আই ইউ ডি এফ, কংগ্ৰেছ, সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠন ৷ ভিন্ন দল-সংগঠৰ তৰফৰ পৰা তেওঁলোকক পঢ়াৰ সামগ্ৰী প্ৰদান লগতে, নগদ ধন, খাদ্য সামগ্ৰী, কাপোৰ আদি বিতৰণ কৰে পৰিয়াল দুটিলৈ ৷

লগতে পঢ়কঃ বিদ্যুৎ সংযোগ নাই,কিন্তু গ্ৰাহকলৈ আহিল বিদ্যুতৰ বিল

Last Updated : Jun 24, 2020, 4:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.