ETV Bharat / state

নিৰুদ্দেশ হোৱা ব্যক্তিৰ মৃতদেহক লৈ কলগাছিয়াত উত্তপ্ত পৰিস্থিতি

মৃতদেহ উদ্ধাৰক লৈ কলগাছিয়াত উত্তপ্ত পৰিস্থিতি ৷ নিৰুদ্দেশ হোৱা ব্যক্তিৰ মৃতদেহ উদ্ধাৰ ৷ কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ ৷

Heatstroke in Kalgachiya for the body of a missing person
নিৰুদ্দেশ হোৱা ব্যক্তিৰ মৃতদেহক লৈ কলগাছিয়াত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Oct 12, 2020, 11:53 AM IST

কলগাছিয়া, 12 অক্টোবৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাঙলাত হোৱা এক হত্যাকাণ্ডই সমগ্ৰ লাঙলাব্যাপী তীব্ৰ চাঞ্চল্য আৰু আতংকৰ সৃষ্টি কৰিছে । 24 ছেপ্টেম্বৰত মাটি সংক্ৰান্তীয় কামত লাঙলা গাঁৱৰ আবুল কালাম আজাদ সৰভোগলৈ বুলি ওলাই যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল ।

পৰৱৰ্তী সময়ত 26 ছেপ্টেম্বৰত কালামৰ ছোৱালীয়ে কলগাছিয়া আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰে যদিও কলগাছিয়া আৰক্ষীয়ে কোনো তদন্ত নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

পৰিয়ালৰ লোকৰ মন্তব্য

ইফালে, 9 অক্টোবৰত সুঁতিৰ পাথাৰ বেঁকী নদীত আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰ হয় । আবুল কালাম আজাদক হত্যা কৰি গধুৰ বস্তুৰ লগত ৰছীৰে বান্ধি ডুবাই দিয়া হৈছিল । কাচিৰে ৰছী কাটি কলগাছিয়া আৰু হাউলীৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে যদিও আৰক্ষীয়ে ৰহস্যজনকভাৱে তথ্য প্ৰমাণৰ কাৰণে বান্ধি ডুবাই দিয়া বস্তুটো উদ্ধাৰ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক : লক ডাউনত বৃদ্ধি পাইছে নেকি অপৰাধজনিত ঘটনা ?

ইতিমধ্যে, হত্যাৰ লগত জড়িত থকাৰ সন্দেহত মুকলেছুৰ ৰহমান চৌধুৰী আৰু ইজ্জত আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । মুকলেছুৰ ৰহমান আছিল কালামৰ নলে গলে লগা বন্ধু । 24 ছেপ্টেম্বৰত মুকলেছুৰ ৰহমান চৌধুৰীয়ে কালামক পাঁচশ টকা দি সৰভোগলৈ পঠাইছিল । মুকলেছুৰে 24 তাৰিখৰ পিচত কালামৰ ঘৰলৈ যোৱাটো বাদেই খবৰ এটাও নোলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে ।

পৰিয়ালৰ লোকৰ মন্তব্য

মাটি সংক্ৰান্তীয় সংঘাতৰ কাৰণেই পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি ৰাইজৰ মাজত চৰ্চা চলিছে । কালামৰ ছোৱালীয়ে হত্যাৰ জড়িত সকলক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰিছে । মুকলেছুৰ ৰহমান ইয়াৰ পূৰ্বেও হত্যাৰ গোচৰত অভিযুক্ত আছিল বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে কালামে চলাই যোৱা AS-15B 3376 মটৰ চাইকেলখন বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ।

লগতে পঢ়ক : নীলাপানী হ্ৰদত সাঁতুৰিবলৈ গৈ সন্ধানহীন গুৱাহাটীৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.