ETV Bharat / state

Assam Govt Moitri Scheme: হাউলী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন ভাস্কৰজ্যোতি মহন্তৰ - Assam Govt Moitri project

অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত হাউলী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন (Hawli PS inaugurated by Bhaskarjyoti Mahanta) । আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ভাৰ্চুৱেলী উদ্বোধন কৰে থানাখন ।

Barpeta
Barpeta
author img

By

Published : Jan 27, 2023, 4:21 PM IST

হাউলী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন

বৰপেটা, ২৭ জানুৱাৰী : শুকুৰবাৰে উদ্বোধন কৰা হয় হাউলী আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন ৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই নৱনিৰ্মিত ভৱনটো ভাৰ্চুৱেলী মুকলি কৰে (Hawli PS inaugurated by Bhaskarjyoti Mahanta) ৷ ৰাজ্য চৰকাৰৰ মৈত্রী আঁচনিৰ অধীনত ১.৩৮ কোটি টকাৰে নিৰ্মাণ কৰা থানাখনৰ এই ভৱনটো মুকলিৰ জৰিয়তে থানাখনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হোৱা বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

আনহাতে, থানাখনৰ ভৱন মুকলি অনুষ্ঠানত অসম শিশু সাহিত্য ন্যাসৰ অধ্যক্ষ হৃষিকেশ গোস্বামী, বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে আৰক্ষীৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া আৰু স্থানীয় বহু বিশিষ্ট নাগৰিক উপস্থিত থাকে । উল্লেখ্য, কেইবাটাও নতুন কোষ গঠনেৰে এই নৱনিৰ্মিত ভৱনটো অতি আটকধুনীয়াকৈ সজাই-পৰাই তোলা হৈছে ।

উল্লেখ্য যে শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Bhaskarjyoti Mahanta inaugurated Goalpara PS) । অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ (Assam Govt Moitri project) অধীনত নৱনিৰ্মিত গোৱালপাৰা সদৰ আৰক্ষী থানাখন তেওঁ উদ্বোধন কৰে । লগতে ভাৰ্চুৱেলী উদ্বোধন কৰে আন তিনিখনকৈ আৰক্ষী থানা । আনহাতে, গোৱালপাৰাত আয়োজিত অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ (Assam Police DGP Bhaskarjyoti Mahanta) সৈতে উপস্থিত থাকে আৰক্ষী মহাপৰিদৰ্শক (পশ্চিম সংমণ্ডল) দিলীপ কুমাৰ দে' ।

গোৱালপাৰা সদৰ আৰক্ষী থানাৰ উপৰি মৈত্ৰী আঁচনিৰ অধীনত নৱনিৰ্মিত গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানা, বৰপেটা জিলাৰ হাউলী আৰক্ষী থানা আৰু কামৰূপ জিলাৰ নগবেৰা আৰক্ষী থানা তেওঁ ভাৰ্চুৱেলী উদ্বোধন কৰে । প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আটাইকেইখন থানা । ইতিমধ্যে মৈত্ৰী আঁচনিৰ অধীনত অসমত ৮৫ খন থানা নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু বাকী থানাসমূহো এই আঁচনিৰ অধীনত পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হ'ব ।

তাৰ বাবে ইতিমধ্যে পুঁজিও আবণ্টন দিয়া হৈছে বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে । ইপিনে আৰক্ষী মহাপৰিদৰ্শক (পশ্চিম সংমণ্ডল) দিলীপ দে'ই ভাষণ প্ৰসংগত কয় যে প্ৰায় দুই কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা থানাসমূহত আছে পুৰুষ আৰু মহিলা অপৰাধীৰ বাবে অত্যাধুনিক সুবিধা । পুৰুষ আৰু মহিলা অপৰাধীৰ বাবে বেলেগ বেলেগ কোঠাৰ ব্যৱস্থা কৰা হৈছে । মহিলা অপৰাধীৰ যদি কেঁচুৱা থাকে তেন্তে কেঁচুৱাৰ বাবেও আছে সুকীয়া ব্যৱস্থা ।

লগতে পঢ়ক :Flood in Assam : কেন্দ্ৰৰ পৰা বান সাহায্য আদায় কৰিবলৈ সক্ষম হ‘বনে ৰাজ্য চৰকাৰ ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.