ETV Bharat / state

Handloom common facility centre: বৰপেটাত হস্ত-তাঁতৰ কমন ফেচেলিটি চেণ্টাৰৰ উদ্বোধনী অনুষ্ঠানত যতীন বৰা

author img

By

Published : Aug 8, 2022, 2:07 PM IST

7 আগষ্ট অৰ্থাৎ ৰবিবাৰে ৰাষ্ট্ৰীয় বোৱা-কটা দিৱসৰ দিনটোতেই বৰপেটা জিলাৰ চেঙাত উদ্বোধন কৰা হয় হস্ত-তাঁতৰ এটি কমন ফেচিলিটি চেন্টাৰ(Handloom common facility centre inauguration) । জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ প্ৰাক্তন অধ্যক্ষ, APDCLৰ সঞ্চালক যতীন বৰাই দেওবাৰে চেঙাস্থিত কমন ফেচিলিটি চেন্টাৰটোৰ শুভ উদ্বোধন কৰে ।

Etv BharatHandloom common faciality centre inauguration
বৰপেটাত হস্ত-তাঁতৰ কমন ফেচেলিটি উদ্বোধনী অনুষ্ঠানত যতীন বৰা

বৰপেটা, 8 আগষ্ট: 7 আগষ্ট অৰ্থাৎ ৰবিবাৰে ৰাষ্ট্ৰীয় বোৱা-কটা দিৱসৰ দিনটোতেই বৰপেটা জিলাৰ চেঙাত উদ্বোধন কৰা হৈছে হস্ত-তাঁতৰ এটি কমন ফেচিলিটি চেন্টাৰ(Handloom common faciality centre inauguration),যিটো উদ্বোধনী অনুুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ প্ৰাক্তন অধ্যক্ষ, APDCLৰ সঞ্চালক যতীন বৰা ৷

ভাৰত চৰকাৰৰ এম. এচ. এম. ই. মন্ত্ৰালয়ৰ ব্যৱস্থাপনাত আৰু জ্যোতিৰ্গময় ৱেলফেয়াৰ চ'চাইটিৰ পৰিচালনাত চেঙাত স্থাপন হোৱা এই উদ্যোগটোৰ জৰিয়তে গামোচা, বিচনা চাদৰ, বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা বস্ত্ৰ উৎপাদন কৰা হ'ব বুলি জানিব পৰা গৈছে । উক্ত উদ্যোগটোৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনক বাস্তৱায়িত কৰি মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰে অভিনেতা যতীন বৰাই ।

বৰপেটাত হস্ত-তাঁতৰ কমন ফেচেলিটি চেণ্টাৰৰ উদ্বোধনী অনুষ্ঠানত যতীন বৰা

'অসমত প্ৰচলিত হাতে বোৱা গামোচাখন কোনোবাই মোক দিলে এগৰাকী অসমীয়া হিচাপে গৌৰৱ কৰো'-বুলি অনুষ্ঠানটোত মন্তব্য আগবঢ়ায় জনপ্ৰিয় অভিনেতা যতীন বৰাই । নাৰী শক্তি এক হ'লে উন্নয়নৰ ক্ষেত্ৰত কোনো শক্তিয়ে হেঙাৰ হব নোৱাৰে বুলি মহিলাসকলক উদ্দেশ্যি প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায় জনপ্ৰিয় অভিনেতা তথা বিজেপি নেতা যতীন বৰাই । হস্ত-তাঁতৰ ক্ষেত্ৰত বৰপেটা জিলাৰ ভিতৰত এই উদোগটো আটাইতকৈ ডাঙৰ উদ্যোগ বুলি উল্লেখ কৰে জ্যোতিৰ্গময় ৱেলফেয়াৰ চ'চাইটিৰ পৰিচালন সঞ্চালক নৱজ্যোতি ডেকাই ।

কমন ফেচিলিটি চেন্টাৰটো উদ্বোধনৰ সময়ত যতীন বৰাৰ সৈতে অনুষ্ঠানটোত উপস্থিত থাকে বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল চন্দ্ৰ দাস, চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে ।

লগতে পঢ়ক: অস্তিত্বৰ সংকটত নাওবৈচা হস্ত তাঁত প্ৰশিক্ষণ কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.