ETV Bharat / state

চৰকাৰী কৰ্মচাৰীলৈ অৰ্ধ ছুটি: অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া - Half day leave for government employees

বিবেক অগ্নিহোত্ৰীৰ দ্য কাশ্মীৰ ফাইল্ছে (The Kashmir Files) মুক্তিৰ পিছতে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে ৷ ৰাজ্য চৰকাৰে ছবিখন উপভোগ কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৰ্ধ ছুটী ঘোষণা কৰাক লৈ(Half day leave for government staff in Assam) প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নেতা আব্দুল জলিল তালুকদাৰে ৷

Kalgachia TMC Leader Reaction
চৰকাৰী কৰ্মচাৰীৰ অৰ্ধ ছুটী ঘোষণা
author img

By

Published : Mar 17, 2022, 8:05 PM IST

জনীয়া, 17 মাৰ্চ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বলিউড ছবি দ্য কাশ্মীৰ ফাইল্ছ (The Kashmir Files) উপভোগ কৰাৰ বাবে নিৰ্দেশনাযোগে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অৰ্ধ ছুটী ঘোষণা কৰা(Half day leave for government staff in Assam) বিষয়ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নেতা আব্দুল জলিল তালুকদাৰে(Assam Pradesh Trinamool Congress leader Abdul Jalil Talukdar) ৷ তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে চৰকাৰী কাম-কাজ বন্ধ কৰি কৰ্মচাৰীসকলক ছুটী দি চিনেমাখন চোৱাৰ বাবে উৎসাহিত কৰা আৰু ছবিখন চোৱাৰ পাছত তেওঁলোকে শীৰ্ষ কৰ্তৃপক্ষক টিকট জমা দিবলৈ কোৱাটো ভৱিষ্যতৰ কাৰণে ৰহস্যজনক বুলি মন্তব্য কৰে ৷

অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নেতা আব্দুল জলিল তালুকদাৰ

আব্দুল জলিল তালুকদাৰে বৃহস্পতিবাৰে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁ দ্য কাশ্মীৰ ফাইল্ছত কাশ্মিৰী পণ্ডিতৰ দৰে 1983 চনত গহপুৰত 8,000 লোকে মৃত্যুবৰণ কৰা তথা তেওঁলোকৰ ঘৰ-বাৰী জ্বলাই দিয়া ঘটনাৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবী জনায় ৷ তেওঁ লগতে 2019 চনত এন আৰ চিৰ তালিকা প্ৰকাশ কৰাৰ পাছত নাগৰিকত্বৰ পৰা বঞ্চিত হোৱা আৰু হাৰাশাস্তিৰ সন্মুখীন হোৱা লোকসকলৰ খতিয়ান তৈয়াৰ কৰাৰ দাবী উত্থাপন কৰে ৷

একেদৰে এনকাউন্টাৰৰ নামত ন্যায়পালিকাক অপ্ৰাসংগিক কৰাৰ অভিযোগ কৰি তেওঁ পৰৱৰ্তী প্ৰজন্মই এই সন্দৰ্ভত এদিন এই প্ৰসংগত ছবি নিৰ্মাণ কৰাৰ আশা ব্যক্ত কৰে ৷ তেওঁ সেই ছবিখনত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েই নায়ক হ’ব বুলি কৰিলে কটাক্ষ ৷ তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে এই সন্দৰ্ভত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক : কাশ্মীৰ ফাইল চাবলৈ অৰ্ধছুটী ল’ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.